30 C
Guwahati
Wednesday, October 5, 2022
More

    গা ধুবলৈ গৈ মৃত্যুক সাবটিলে এটি কিশোৰে, ওদালগুৰিত এই ঘটনা

    ওদালগুৰি জিলাৰ ভূটিয়াচাঙত শোকাৱহ ঘটনা। বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ মৃত্যুক সাবটি ল’লে এটি কিশোৰে। ভূটিয়াচাং নৈত বুৰ গৈ মৃত্যুক সাবটি লয় সঞ্জু তাঁতী নামৰ ১০ বছীয়া কিশোৰটিয়ে।

    আনহাতে একাংশ ঠিকাদাৰে অবৈধ ভূটিয়াচাং নদীৰ ননাই মহলত অবৈধ ভাৱে শিল বালি খননৰ ফলত দ গাঁতত পৰি কিশোৰটিৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছে আদিবাসী ছাত্ৰ সন্থাই। এস্কেভেটৰেৰে ৩০/৪০ ফুট দকৈ গাঁত খান্দি শিল বালি সগ্ৰহ কৰে একাংশ ঠিকাদাৰে। যাৰ ফলত দেওবাৰে নিশা সংঘটিত হয় এই কৰুণ ঘটনা। সেয়ে অতিশীঘ্ৰেই ভূটিয়াচাং নৈৰ ননাই মহল বন্ধ কৰাৰ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং