দেওবাৰে পেঙেৰীৰ টেকেৰী গাঁৱৰ এজন যুৱককক অতি নিৰ্মমভাৱে লাঠীৰে কৰিলে আক্ৰমণ। কেৱল প্ৰহাৰ কৰাই নহয় যুৱকজনক পুখুৰীত পেলায়ো অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সেনাবাহিনীৰ বিৰুদ্ধে।

আলফাৰ সৈতে যোগাযোগ ৰখাৰ সন্দেহতে বগা বৰা নামৰ যুৱকজনক প্ৰহাৰ কৰে সেনাই। স্থানীয় আৰক্ষী থানাত খবৰ দিলে আৰু চিকিৎসকৰ সহায় ল’লে যুৱকজনক একে দশা কৰাৰ ভাবুকি প্ৰদান কৰে সেনাই।
এই ঘটনাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ আৰু আতংকিত হৈ পৰিছে স্থানীয় যুৱকসকল।
Tinsukia | Edited by: Dulu Medhi