25.4 C
Guwahati
Thursday, October 14, 2021
More

    বক্সাৰ লাভলিনাৰ অলিম্পিক যাত্ৰা; ৰাজ্য চৰকাৰৰ প্ৰতাৰণা, আজিও নাপালে ২২ লাখ টকাৰ আৰ্থিক অনুদান

    হিমাক দিছে আৰু দিয়ক কিন্তু লাভলীনা কিয় আৰ্থিক সাহায্যৰ পৰা বঞ্চিত এয়া ধনশিৰীবাসীৰ প্রশ্ন ৰজাঘৰলৈ

    ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰা বক্সাৰ লাভলিনা বৰগোঁহাইৰ অলিম্পিক যাত্ৰা। অলিম্পিকত ভাৰতৰ হৈ বক্সিং ৰিঙত নামি যুঁজিবলৈ সাজু হৈছে প্ৰথম গৰাকী অসমীয়া মহিলা গোলাঘাটৰ বৰপথাৰৰ লাভলিনা বৰগোঁহাই। ৰাজ্য চৰকাৰে নিৰাশ কৰিলেও এতিয়া সমগ্ৰ অসমবাসীকে সপোন দেখুৱাইছে লাভলিনাই।

    ২২ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ কথা ঘোষণা কৰা ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ প্ৰতাৰণা বলি হৈও বৰপথাৰৰ লাভলিনাই বক্সিং ৰিঙত অদম্য সাহসেৰে জৰ্ডানৰ আমানত অনুষ্ঠিত হোৱা এছিয়া ওচেনিয়া টুৰ্নামেণ্টত ৬৯ কিলোগ্ৰাম শাখাত ওজবেকিচস্তানৰ বক্সাৰক হৰুৱাই টকিঅ’ অলিম্পিক ২০২০ লৈ যোগ্যতা অৰ্জন কৰিলে। এতিয়া লাভলিনাৰ এটাই আশা টকিঅ’ অলিম্পিক ২০২০ত সোণৰ পদক আঁজুৰি আনি অসমবাসীৰ লগতে ভাৰতক গৌৰাৱান্বিত কৰা।

    আনহাতে এছিয়ান গেমচত ভাল ফলাফল দেখুৱাই অসমবাসীক অলিম্পিকৰ পদক অনাৰ সপোন দেখুৱাইছিল হিমা দাসে। তাৰ সমান্তৰালকৈ বিশ্ব বক্সিঙতো প্ৰতিপক্ষক ধৰাশায়ী কৰি লাভলিনাই দেখুৱাইছিল মহা পৰাক্ৰম। ৰাজ্য চৰকাৰে আৰ্থিক পুৰস্কাৰৰ পৰা আৰম্ভ কৰি চাকৰি পৰ্যন্ত সকলো দিলে হিমা দাসক।

    কিন্তু একেদৰে অলিম্পিক যোগ্যতা অৰ্জন কৰা লাভলিনাই পালে মাথো ৰজাঘৰীয়াৰ প্ৰতিশ্ৰুতি। আজিলৈ নাপালে আৰ্থিক অনুদান। লাভলিনা বৰগোঁহাই অসমৰে নহয় ভাৰতৰে গৌৰৱ। হিমাক দিছে আৰু দিয়ক কিন্তু লাভলিনা কিয় আৰ্থিক সাহায্যৰ পৰা বঞ্চিত এয়া ধনশিৰীবাসীৰ প্রশ্ন ৰজাঘৰলৈ।

    Photo: Time8

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং