মানুহৰ মেলা লাগিছে আজি কোকৰাঝাৰত। সকলো ৰঙীন। তৃতীয় বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱ উপলক্ষে জাংখৃতাই খেলপথাৰত উদুলি-মুদুলি পৰিৱেশ। এই উৎসৱত অংশগ্ৰহণৰ বাবে আজি কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

দিনৰ ১১.১৫ বজাত বিশেষ বিমানেৰে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ’ব মোদী। বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে যাব কোকৰাঝাৰলৈ। ১২.৩০ বজাত উপস্থিত হ’ব কোকৰাঝাৰত। ৭০ হাজাৰ মাটিৰ চাকিৰে প্ৰধানমন্ত্ৰীক আদৰণি জনাব বড়ো সমাজে।

অসমলৈ অহাৰ পূৰ্বে বড়ো চুক্তিক লৈ প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ টুইট। ‘অসমত নতুন পুৱা, ন উদ্যম, নতুন আশা, বড়ো চুক্তিয়ে যুৱকৰ আকাংশাত সহায় কৰিব।’
কোকৰাঝাৰৰ জাংখৃতাই খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই বিজয় উৎসৱ। এই উৎসৱত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, এন ডি এফ বিৰ চাৰিওটা গোটৰ নেতা–সদস্য, এবছু নেতৃত্বৰ লগতে ৫ লক্ষাধিক লোক। ওদালগুৰি পৰা মানুহ যোৱাৰ সুবিধাৰ বাবে দিয়া হৈছে চাৰিখনকৈ বিশেষ বিনামূলীয়া ৰে’লৰ সুবিধা।
Photo: Time8