কোৱাৰাইণ্টাইনত থাকিবলৈ দিয়া হৈছিল এজন ট্ৰাক ড্ৰাইভাৰক। পৰীক্ষাৰ বাবে ইতিমধ্যে সংগ্ৰহ কৰা হৈছিল তেজৰ নমুনাও। পিছে সময় নাযায় নুপুৱায়, ঘৰৰ ভিতৰতে সোমাই থাকেনো কেনেকৈ, সেয়ে ওলাই আহিল তাচ খেলো বুলি। ২৪ জন বন্ধুৰ সৈতে লগ হৈ একেলগে বহি খেলিলে তাচ।
তাৰ পিছৰ খিনি এতিয়া একেবাৰে ভয়াৱহ। নমুনা পৰীক্ষাৰ ফলাফল আহিল। ট্ৰাক ড্ৰাইভাৰ জনৰ শৰীৰত পোৱা গ’ল কভিড-১৯ৰ বীজাণু। তেওঁৰ শৰীৰৰত কৰ’ণা ধৰা পৰা পিচতে অন্য ২৪ জন বন্ধুৰো সংগ্ৰহ কৰা হ’ল তেজৰ নমুনা। আৰু সেই পৰীক্ষাৰ ফলাফলত প্ৰতিজনৰে শৰীৰত পোৱা গ’ল কৰ’ণা।
নিজকে ব্যস্ত ৰাখিবলৈ গৈ লগৰ কেউজনৰে শৰীৰলৈ বিয়পালে মহামাৰী কৰ’ণা। এই অদ্ভূত কাণ্ড সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাৰা নগৰত। এই ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ে ৰাজ্যখনৰ কৃষ্ণা জিলাৰ কালেক্টৰ মহম্মদ ইমতিয়াজে।
Photo credit: India Today