34 C
Guwahati
Friday, September 30, 2022
More

    গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত ছাত্ৰৰ আত্মহত্যা

    বাথৰূমত নিজৰ পিন্ধি থকা কাপোৰেৰে চিপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে

    গুৱাহাটীৰ ছয়মাইলৰ এখন ব্যক্তিগত চিকিত্সালয়ত বঙাইগাঁৱৰ এজন ছাত্ৰৰ আত্মহত্যা। এই ঘটনাৰ পিছতে হাস্পতালখনত চাঞ্চল্যৰ সৃষ্টি হৈছিল।

    আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা ছাত্ৰজন বঙাইগাঁৱৰ সৃজনগ্ৰামৰ চাৰিপুনীয়াৰ। উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰজন ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি হাস্পতালখনত চিকিত্সাধীন হৈ আছিল। ছাত্ৰজনক চিকিত্সাৰ বাবে বহুকেইখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও সুফল পোৱা নাছিল আৰু অৱশেষত গুৱাহাটীৰ ছান ভেলী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ছাত্ৰজনক।

    চিকিৎসালয়খনত চিকিৎসা চলি থকাৰ সময়তে সোমবাৰে ছাত্ৰজনে বাথৰূমত নিজৰ পিন্ধি থকা কাপোৰেৰে চিপ লৈ আত্মহত্যা কৰে। ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে আত্মহননৰ দৰে সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰিছে একাংশই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং