25 C
Guwahati
Thursday, October 21, 2021
More

    বলীউডৰ প্ৰখ্যাত অভিনেতা ঋষি কাপুৰ অসুস্থ, চিকিৎসালয়ত ভৰ্তি

    ২০১৮ চনত ঋষি কাপুৰৰ দেহত কৰ্কট ৰোগ ধৰা পৰিছিল

    বুধবাৰে বলীউডৰ বলিষ্ঠ তথা যশস্বী অভিনেতা ইৰফান খানৰ প্ৰয়াণত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ভাৰতবাসী। এই শোকাৱহ খবৰৰ পিছতেই বলীউডৰ আন এক দুঃখবৰ আহিছে।

    প্ৰখ্যাত অভিনেতা ঋষি কাপুৰ গুৰুতৰভাৱে অসুস্থ। বুধবাৰে অভিনেতাগৰাকীৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটাৰ লগতে উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰাত তেওঁক ততাতৈয়াকৈ মুম্বাইৰ চাৰ এইচ এন ৰিলায়েঞ্চ ফাউণ্ডেচনত ভৰ্তি কৰা হয় বুলি জানিবলৈ দিয়ে অভিনেতাগৰাকীৰ ভাতৃ ৰণধীৰ কাপুৰে।

    উল্লেখ্য যে ২০১৮ চনত ঋষি কাপুৰৰ দেহত কৰ্কট ৰোগ ধৰা পৰিছিল। অভিনেতাগৰাকীয়ে নিউয়ৰ্কত কৰ্কট ৰোগৰ চিকিৎসা কৰি প্ৰায় সুস্থ হৈ যোৱা বৰ্ষৰ ছেপ্তেম্বৰ মাহত মুম্বাইলৈ ঘূৰি আহিছিল। ঋষি কাপুৰৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ প্ৰতিজন অনুৰাগী তথা শুভাকাংক্ষীয়ে।

    Photo Credit: Firstpost

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং