33 C
Guwahati
Tuesday, September 27, 2022
More

    কবৰৰ পৰা খান্দি উলিওৱা হ’ল কিশোৰীৰ মৃতদেহ কাৰণ…

    কণমানিটিক হত্যা কৰা বুলি ১৭ ছেপ্টেম্বৰত পিতৃয়ে গোৱালপাৰা সদৰ থানাত দাখিল কৰিছিল এজাহাৰ। ১২ আগষ্টত কণমানিটিক বিহপান কৰোৱাই হত্যাৰ অভিযোগত ভিনিয়েকৰ বিৰুদ্ধে তৰিছিল গোচৰ

    গোৱালপাৰাত ৫২ দিন পিছত খান্দি উলিওৱা হ’ল কবৰস্থ কৰা ৮ বছৰীয়া কিশোৰীৰ মৃতদেহ। জিলাখনৰ সদৰ থানাৰ আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে মৃতদেহটো। কিশোৰীগৰাকীৰ ভিনিয়েকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

    উল্লেখ্য যে কণমানিটিক হত্যা কৰা বুলি ১৭ ছেপ্টেম্বৰত পিতৃয়ে গোৱালপাৰা সদৰ থানাত দাখিল কৰিছিল এজাহাৰ। ১২ আগষ্টত কণমানিটিক বিহপান কৰোৱাই হত্যাৰ অভিযোগত ভিনিয়েকৰ বিৰুদ্ধে তৰিছিল গোচৰ। আছান আলী নামৰ লোকজনৰ দুগৰাকী জীয়ৰীক জাগীৰোডলৈ নিম বুলি ঢালিগাঁৱলৈ লৈছিল আছান আলীৰ জোঁৱায়েক হামেজ উদ্দিনে। তাতে আছান আলীৰ জীয়ৰী দুগৰাকীক বিহপান কৰোৱাই হত্যা কৰিছিল হামেজে।

    ঘটনা সন্দৰ্ভত অভিযুক্ত হামেজ উদ্দিনক জে’ললৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছিল আৰক্ষীয়ে আৰু আজি গোৱালপাৰাৰ ফৰেষ্ট গেট কবৰস্থানৰ খান্দি উলিয়ালে কণমানিটিৰ মৃতদেহ। হামেজ উদ্দিনে বিহপান কৰোৱা আনগৰাকী কিশোৰীৰ অৱস্থা এতিয়াও অসুস্থ। মানসিক ভাৰসাম্য হেৰুৱাইছে কিশোৰীগৰাকীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং