30 C
Guwahati
Wednesday, March 29, 2023
More

    গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈ সলিল সমাধি ১১ জনৰ, ভূপালত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা

    শুকুৰবাৰে পুৱা খটলাপুৰ ঘাটত মূৰ্তি বিসৰ্জনৰ সময়ত এখন নাও লুটি খাই আৰু ১১ গৰাকী লোকৰ মৃত্যু হয় আৰু আন কেইজন বৰ্তমানেও সন্ধানহীন

    গণেশ মূৰ্তি বিসৰ্জন দিবলৈ শ্ৰদ্ধালু ঘাট গৈছিল। নাওত বহি নৈৰ পানীত গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈছিল, সেই সময়তে সংঘটিত হয় ভয়াৱহ নাও দুৰ্ঘটনা। এই শোকাৱহ দুৰ্ঘটনা মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত সংঘটিত হৈছে।

    যিখন নাৱত বহি লোককেইজনে গণেশ মূৰ্তি বিসৰ্জন দি আছিল, সেইখন পানীত বুৰ যায়। নাওখনত আছিল প্ৰায় ১৯ গৰাকী লোক।

    Photo credit: aajtak.intoday.in

    শুকুৰবাৰে পুৱা খটলাপুৰ ঘাটত মূৰ্তি বিসৰ্জনৰ সময়ত এখন নাও লুটি খাই আৰু ১১ গৰাকী লোকৰ মৃত্যু হয় আৰু আন কেইজন বৰ্তমানেও সন্ধানহীন।

    Photo credit: aajtak.intoday.in

    দুৰ্ঘটনাটোত ৫ জন লোকক প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়। খটলাপুৰ ঘাটৰ সমীপত পুৱা ৫.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। যিখন নাৱত মূৰ্তি বিসৰ্জন কৰিবলৈ লৈ যোৱা হৈছিল সেইখন নাওখন যথেষ্ট সৰু আছিল কিন্তু মূৰ্তিটো আছিল বৃহৎ আকাৰৰ।

    photo credit: thestatesman.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং