29 C
Guwahati
Wednesday, October 13, 2021
More

    মাজুলীত তেজৰ বাবে আৰু নহয় হাহাকাৰ; ব্লাড বেংক উদ্বোধন মুখ্যমন্ত্ৰীৰ

    দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি ৰাইজৰ বাবে মুকলি হ'ল ১ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ব্লাড ব্লেংক

    দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সোণোৱালে দ্বিতীয় দিনা আজি পুৱা ১১ বজাত গড়মূৰ পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ব্লাড বেংক উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

    মাজুলী স্বাস্থ্যখণ্ডত এক নতুন সংযোজন ঘটাই দীৰ্ঘদিনীয়া অভাৱ দুৰ কৰি ৰাইজৰ বাবে মুকলি কৰে ১ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰক্ত ভাণ্ডাৰ।

    এতিয়াৰে পৰা তেজৰ বাবে হাহাকাৰ কৰিব নালাগে মাজুলীৰ দুই লক্ষ ৰোগীয়ে । নদীৰ পাৰ হৈ যোৰহাটলৈ যাব নালাগে সংকটজনক ৰোগীয়ে। উদ্বোধনী অনুষ্ঠানত সাংসদ তপন গগৈ, প্ৰদান বৰুৱা উপস্থিত থাকে।

    Photo Credit:@kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং