29 C
Guwahati
Wednesday, October 13, 2021
More

    বাইকেৰে খেদি খেদি মন্ত্ৰী হিমন্তক বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ

    আগে আগে হিমন্তৰ কনভয় আৰু পিছে পিছে ক'লা পতাকা লৈ আছু কৰ্মী

    ঢেকিয়াজুলিত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছুৰ| হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ মাজে মাজে ক’লা পতাকা লৈ আছু কৰ্মীসকল। আগে আগে হিমন্তৰ কনভয় আৰু পিছে পিছে ক’লা পতাকা লৈ আছু কৰ্মী। হিমন্ত গ’ বেক ধ্বনিৰে উত্তাল ঢেকীয়াজুলিৰ ৰাজপথ।

    ঢেকিয়াজুলিত প্ৰয়াত প্ৰাক্তন বিধায়ক হাবুল চক্ৰৱৰ্তীৰ গৃহত খবৰ ল’বলৈ আহোতে ক’লা পতাকাৰ সন্মূখীন হয় মন্ত্রী হিমন্ত বিশ্ব শৰ্মা| হেলিকপ্তাৰৰ পৰা নামোতেই মন্ত্রী গৰাকীক ক’লা পতাকা প্ৰদৰ্শন কৰিলে আছুৰ ঢেকিয়াজুলি আঞ্চলিকৰ নেতা কৰ্মীয়ে| বাইকেৰে খেদি খেদি ক’লা পতাকা প্ৰদৰ্শন কৰিলে হিমন্ত বিশ্ব শৰ্মাক|

    Photo Credit: Amal Nath

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং