27 C
Guwahati
Monday, November 29, 2021
More

    কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী বিজেপিৰ

    কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী জনোৱাৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰতিবাদী সমদলত ভাষণ প্ৰদান কৰি ৰাহুল গান্ধীক নিৰ্ল্লজ ব্যক্তি আখ্যা দিয়ে

    ৰাফেল যুদ্ধ বিমান ক্ৰয়ত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই বুলি ন্যায়ালয়ে ৰায় দিয়াৰ পিছত কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে দেশজুৰি সৰৱ হৈ উঠিছে বিজেপি ৷ আজি মহানগৰীত বিজেপিৰ জিলা কাৰ্যালয়ৰ সন্মুখত সাংসদ কুইন ওজাৰ উপস্থিতিত কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীয়ে সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা বিচৰাৰ দাবীত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷

    ইফালে বৰপেটাতো কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত এক বিশাল সমদল বাহিৰ কৰে আৰু পিছত বৰপেটাৰ কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণাত বহে ৷

    কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী জনোৱাৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰতিবাদী সমদলত ভাষণ প্ৰদান কৰি ৰাহুল গান্ধীক নিৰ্ল্লজ ব্যক্তি আখ্যা দিয়ে ৷ কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীয়ে দেশবাসীৰ ওচৰত ক্ষমা খুজি নিজক প্ৰায়শ্চিত কৰাৰো দাবী জনাইছে দাসে ৷ চি এ বি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ ৷

    বৰপেটাৰ পৰা মইদুল ইছলামৰ প্ৰতিবেদন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং