27 C
Guwahati
Wednesday, September 28, 2022
More

    শ্বাৰ্জিল ইমামৰ ভিডিঅ’ক লৈ ক্ষুব্ধ বিজেপি; এয়া ভাৰতক ধ্বংস কৰাৰ ষড়যন্ত্ৰ, ক’লে সম্বিত পাত্ৰই

    সম্বিত পাত্ৰই লগতে টুইটাৰযোগে ক'লে যে- ভিডিঅ'টোত কোৱা হৈছে যে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰা আমাৰ দায়িত্ব। Chicken Neck মুছলমানৰ হয়

    CAAৰ বিৰোধিতাৰ মাজতে পোহৰলৈ আহিছে এটা ভিডিঅ’। এই ভিডিঅ’টো বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই শ্বেযাৰ কৰে আৰু লগতে তেওঁ সুধিছে যে এই ভিডিঅ’টো ৰাষ্ট্ৰ বিৰোধী নহয় যদি কি হয়? সম্বিত পাত্ৰই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে- বন্ধুসকল শ্বাহীন বাগৰ আচল ৰূপ চাওক। সম্বিত পাত্ৰই লগতে টুইটৰাযোগে ক’লে যে- ভিডিঅ’টোত কোৱা হৈছে যে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰা আমাৰ দায়িত্ব। Chicken Neck মুছলমানৰ হয়।

    ভিডিঅ’টোত থকা কথাখিনি কৈ সম্বিত পাত্ৰই ক’লে যে- ভিডিঅ’টোত এজন লোকে কৈ আছে যে ভাৰতীয় সেনা অসমলৈ যাব নোৱাৰাকৈ যিমান পাৰে সিমান ৰে’ল লাইন ব্যাহত কৰি ৰাখক। এয়া দেশৰ বিৰোধিতা নহয় যদি কি?

    ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছত সম্বিত পাত্ৰই সাংবাদমেল সম্বোধন কৰে। সম্বিত পাত্ৰই ক’লে যে- যিধৰণৰ কথা শ্বাহীনবাগত হৈ আছে সেই হিচাপত সেয়া দিশবিহীন বাগ বুলি ক’ব পাৰি। তেওঁ লগতে ক’লে ভাৰতৰ স্বতন্ত্ৰতা শেষ কৰাৰ এয়া ষড়যন্ত্ৰ।

    Photo credit: indiatoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং