33 C
Guwahati
Thursday, September 22, 2022
More

    বিজেপিৰ অধ্যক্ষৰূপে নিৰ্বাচিত হোৱাৰ পিছতে নড্ডাই ক’লে- সমগ্ৰ দেশতে পদুম প্ৰেৰণ কৰিম

    নতুন অধ্যক্ষগৰাকীয়ে ক'লে যে দেশত আটাইতকৈ শক্তিশালী দল হৈছে বিজেপি। অধিকসংখ্যক সাংসদ আৰু বিধায়ক আমাৰ দলৰ। আমি কেতিয়াও থমকি নৰও, এতিয়াও কেইবাখনো প্ৰদেশ আছে, য'ত আমাৰ লক্ষ্য উপনীত হ'ব

    বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদত নিৰ্বচিত হোৱাৰ পিছতে জে পি নড্ডাই সোমবাৰে পোনপ্ৰথমবাৰৰ বাবে কৰ্মীসকলক সম্বোধন জনায়। দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত আদৰিণ সমাৰোহত তেওঁ ক’লে যে ‘যি বিশ্বাস’, ‘যি সহযোগ’ মোক কৰা হৈছে সেইখিনিক লৈ মই যথেষ্ট কৃতজ্ঞতা প্ৰকাশ কৰিছো। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা প্ৰকাশ কৰিছো, যিগৰাকী মোক বিশ্বাসত লৈ মোক এই দায়িত্ব প্ৰদান কৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে মোক বিৰোধী পক্ষ নোহোৱাকৈ নিৰ্বাচিত কৰিছে।

    জে পি নড্ডাই ক’লে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ ৰীতি-নীতিৰ বিষয়ে কৈছিল যে আমি অন্য দলতকৈ কিয় পৃথক। লগতে ক’লে যে শীৰ্ষ নেতৃত্বৰ পৰা পোৱা আৰ্শীবাদ পোৱাৰ পিছত মই নিজৰ কৰ্তব্য উচিতভাৱে পালন কৰি যাম।

    নতুন অধ্যক্ষগৰাকীয়ে ক’লে যে দেশত আটাইতকৈ শক্তিশালী দল হৈছে বিজেপি। অধিকসংখ্যক সাংসদ আৰু বিধায়ক আমাৰ দলৰ। আমি কেতিয়াও থমকি নৰও, এতিয়াও কেইবাখনো প্ৰদেশ আছে, য’ত আমাৰ লক্ষ্য উপনীত হ’ব। আগন্তুক দিনত সমগ্ৰ ভাৰতত বিজেপিৰ পদুম ফুলিব।

    Photo credit: timesofindia.indiatimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং