মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক দেশভক্ত বুলি কোৱাই কাল হ’ল বিজেপি সাংসদ সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ বাবে। সংসদীয় কাৰ্যালয় মন্ত্ৰী প্ৰহ্লাদ যোচীয়ে সাধ্বী প্ৰজ্ঞাক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সংসদীয় কমিটিৰ পৰা পৰা বহিষ্কাৰ কৰে। ইয়াৰ লগতে বিজেপিৰ সংসদীয় দলৰ বৈঠকতো ভাগ ল’ব নোৱাৰিব সাধ্বী প্ৰজ্ঞা ঠাকুৰে।
সূত্ৰ অনুসৰি সাধ্বী প্ৰজ্ঞাৰ বিৰুদ্ধে দলৰ অনুশাসন সমিতিয়ে বৃহৎ কাৰ্যবাহী কৰিব। তেওঁক দলৰ পৰা বহিষ্কাৰো কৰিব পাৰে। বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নড্ডাই ক’লে যে সংসদত বুধবাৰে তেওঁ যি মন্তব্য কৰিছিল সেয়া নিন্দনীয়। বিজেপিয় কেতিয়াও এনেকুৱা ধৰণৰ বিচাৰধাৰাৰ সমৰ্থন নকৰে।
উল্লেখ্য যে প্ৰজ্ঞা ঠাকুৰে লোকসভাৰ মজিয়াত জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰা নাথুমাৰ গডছেক দেশভক্ত বুলি আখ্যা দিছিল। ইয়াৰ পিছতে উত্তপ্ত হৈ পৰিছিল সংসদৰ মজিয়া।