19 C
Guwahati
Sunday, November 27, 2022
More

    ‘মাজুলীত থকা সকলো মানুহ বাংলাদেশৰ পৰা অহা’- উদ্ধত মন্তব্য কৰা বিজেপি সাংসদক ক্ষমা খোজাৰ দাবী

    অসম সম্বন্ধে সম্যক জ্ঞান নথকা সাংসদজনে কৈছিল, মাজুলীত কোনো থলুৱা মানুহ নাই৷ মাজুলীত থকা সকলো মানুহেই অবৈধ অনুপ্ৰৱেশকাৰী

    ১১ ডিচেম্বৰ ২০১৯, বুধবাৰে ৰাজ্যসভাৰ মজিয়াত মহাৰাষ্ট্ৰৰ বিজেপি সাংসদ ড৹ বিনয় পি সহশ্ৰবুদ্ধেই অপমানিত কৰিছিল অসমীয়াৰ বুকুৰ আমঠু স্বৰূপ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীক৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনাবলৈ গৈ মাজুলী সম্পৰ্কত বিতৰ্কিত মন্তব্য দিছিল মহাৰাষ্ট্ৰৰ বিজেপি সাংসদগৰাকীয়ে।

    সদনৰ মজিয়াত অসম সম্বন্ধে সম্যক জ্ঞান নথকা সাংসদজনে কৈছিল, মাজুলীত কোনো থলুৱা মানুহ নাই৷ মাজুলীত থকা সকলো মানুহেই অবৈধ অনুপ্ৰৱেশকাৰী৷ সকলো বাংলাদেশৰ পৰা আহি আশ্ৰয় লৈছে মাজুলীত৷ সাংসদজনে বাংলাদেশীৰ কথা ক’বলৈ গৈ বস্তিৰ সৈতে তুলনা কৰিছিল মাজুলীক৷

    অসমৰ সত্ৰ-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলীক এইদৰে অপমান কৰিছিল সাংসদজনে৷ ইয়াৰ বিৰুদ্ধে মাজুলীবাসী ৰাজপথলৈ ওলাই আহি সাংসদজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পুত্তলিকা দাহ কৰি ৭ দিনৰ ভিতৰত ক্ষমা খুজিবলৈ দাবী জনাইছিল।কিন্তু ৭ দিন উকলি যোৱাৰ পিছতো সাংসদজনে নুখুজিলে ক্ষমা।

    সেয়েহে আকৌ লিখিত পত্ৰ প্ৰেৰণ কৰিছে সাংসদ জনলৈ।মাজুলী উপায়ুক্ত বিক্ৰম কৈৰীৰ যোগেদি ১৫ দিনৰ সময় সীমা ধাৰ্য কৰি এখন পত্ৰ ৰাজ্যসভাৰ অধ্যক্ষ, ৰাজ্য পাল ,মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰা হৈছে।

    Photo Credit:@kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং