28 C
Guwahati
Monday, September 26, 2022
More

    ডিমৌত বিজেপি বিধায়ক কুশল দুৱৰীৰ ভাতৃক আক্ৰমণ দুৰ্বৃত্তৰ

    ডিব্ৰুগড়ৰ পৰা ব্যৱসায়িক কামত ডিমৌৰ ঘৰলৈ আহি থকা অৱস্থাত থাওৰা-ভলুকাগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্তৰ দলটোৱে বকুল দুৱৰীৰ গাড়ী লৈ লক্ষ্য কৰি শিলগুটি দলিয়াই পলায়ন কৰে

    শিৱসাগৰ জিলাৰ ডিমৌত অঘটন। নিশাৰ আন্ধাৰত শাসকীয় দল বিজেপিৰ বিধায়কৰ ভাতৃৰ গাড়ীত দুৰ্বৃত্তৰ অাক্ৰমণ। থাওৰাৰ বিধায়ক কুশল দুৱৰীৰ ভাতৃ বকুল দুৱৰীৰ গাড়ীত ৬-৭জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায়। দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় এই ঘটনা।

    ডিব্ৰুগড়ৰ পৰা ব্যৱসায়িক কামত ডিমৌৰ ঘৰলৈ আহি থকা অৱস্থাত থাওৰা-ভলুকাগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্বৃত্তৰ দলটোৱে বকুল দুৱৰীৰ গাড়ী লৈ লক্ষ্য কৰি শিলগুটি দলিয়াই পলায়ন কৰে। AS04 – W – 3333 নম্বৰৰ টাটা হাৰিয়া গাড়ীৰে অাহি থাকোতে সংঘটিত হয় এই ঘটনা।

    ঘটনা সন্দৰ্ভত বিধায়কৰ ভাতৃয়ে স্থানীয় ডিমৌ আৰক্ষী থানাত ঘটনাৰ বিষয়ে অৱগত কৰিছে। দুৰ্বৃত্তক বিচাৰি আৰক্ষী অভিযান অব্যাহত।

    ফটোঃ বিধায়ক কুশল দুৱৰীৰ ভাতৃ বকুল দুৱৰী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং