মুখ্যমন্ত্ৰীৰ চৰকাৰী আবাসত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত। বিধানসভাৰ ৪টা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ অনুষ্ঠিত এই বৈঠক। ৰাতাবাৰী, সোণাৰী, ৰঙাপাৰা আৰু জনীয়াৰ উপ-নিৰ্বাচনৰ বাবে গঠিত ৪খনকৈ উপসমিতিক লৈ অনুষ্ঠিত এই বৈঠক।
মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত উপস্থিত ৰাজ্যিক সভাপতি ৰণজিৎ দাস, সাংসদ ৰামেশ্বৰ তেলী, পল্লৱ লোচন দাস, তপন গগৈ আৰু দিলীপ শইকীয়াকৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্ব।