27 C
Guwahati
Monday, June 5, 2023
More

    ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ শীৰ্ষক গ্ৰন্থ লিখা বিজেপি নেতা সত্যৰঞ্জন বৰাৰ পুনৰ বিতৰ্কিত মন্তব্য

    বদৰুদ্দিন আজমল বিভিন্ন মঞ্চত বটলৰ পানীত কেৱল জৰা-ফুকাহে কৰিব জানে বুলি বিস্ফোৰক মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে

    বিজেপি নেতা সত্যৰঞ্জন বৰাৰ ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ শীৰ্ষক গ্ৰন্থৰ বিতৰ্ক মাৰ নৌযাওতেই পুনৰ বিতৰ্কিত মন্তব্য কৰিলে বিজেপি নেতাগৰাকীয়ে। ‘মুছলমান ধৰ্মৰ প্ৰধান ধৰ্মপুথি কোৰাণ চৰিফ আল্লাৰ স্তুতিৰ পৰিৱৰ্তে কেৱল জেহাদ আৰু নাৰীৰ লগত যৌন সম্পৰ্ক কৰিবলৈ উদ্গনি দিয়া এখন ধৰ্মপুথিহে।’- এই বুলি বিস্ফোৰক মন্তব্য কৰে বিজেপি নেতা সত্যৰঞ্জন বৰাই।

    কোৰাণত কেৱল সন্ত্ৰাসবাদী সংগঠনক ISIS জেহাদৰ নামত ‘আল্লা হু’ আকবৰ বুলি কৈ নিৰিহৰ ডিঙি কাটিবলৈ উদগনি দিয়া এখন ধুৰ্মপুথি বুলিও মন্তব্য কৰে বৰাই। লগতে তেওঁ কয় যে উক্ত কোৰাণ চৰিফৰ জৰিয়তে ভাৰতবৰ্ষৰ মুছলমানসকলক বিপথে পৰিচালনা কৰিবলৈ আৰৱ দেশে এজেণ্ট হিচাপে ব্যৱহাৰ কৰিছে।

    মৌলানা বদৰুদ্দিন আজমল কেৱল নামত হে মৌলানা বুলিও মন্তব্য কৰে সত্যৰঞ্জন বৰাই। বদৰুদ্দিন আজমল বিভিন্ন মঞ্চত বটলৰ পানীত কেৱল জৰা-ফুকাহে কৰিব জানে বুলি বিস্ফোৰক মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে।

    উল্লেখ্য যে কিছুদিন পূৰ্বে ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ নামৰ গ্ৰন্থ লিখা বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল কে জামান নামৰ এজন অধিবক্তাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং