14 C
Guwahati
Friday, January 28, 2022
More

    ইছলাম আৰু কোৰাণৰ কাৰাগাৰত বন্দী ভাৰতীয় মুছলমান; আল্লা কংস, পুনৰ বিতৰ্কিত মন্তব্য সত্যৰঞ্জন বৰাৰ

    কোৰাণৰ কেইবাটাও শ্লোকৰ উদাহৰণ দি তেওঁ ক'লে যে আল্লা যে সাম্প্ৰদায়িক, ইছলাম যে সাম্প্ৰদায়িক কোৰাণত স্পষ্টকৈ উল্লেখ আছে। মুছলমানৰ অপৰাধ প্ৰৱণতাৰ মূল কাৰণেই হৈছে কোৰাণ। লভ জেহাদৰ বাবে মাদ্ৰাছাত মছজিদে মছজিদে মুছলমান ল'ৰাক তৈয়াৰ কৰা হয়।

    ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ শীৰ্ষক গ্ৰন্থৰ লেখক তথা বিজেপি নেতা সত্যৰঞ্জন বৰাৰ পুনৰ বিতৰ্কিত মন্তব্য। এইবাৰ আল্লাক কংসৰ লগত ৰিজালে বিজেপি নেতাগৰাকীয়ে। শেহতীয়াকৈ ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ শীৰ্ষক বিতৰ্কিত গ্ৰন্থৰে চৰ্চালৈ অহা লেখক সত্য ৰঞ্জন বৰাই ক’লে যে যেনেকৈ কংসৰ কাৰাগাৰত দৈৱকী আৰু বাসুদেৱ বন্দী হৈ আছিল তেনেকৈ ইছলাম আৰু কোৰাণৰ কাৰাগাৰত বন্দী ভাৰতীয় মুছলমান।

    আল্লাক কংসৰ লগত ৰিজালে বিতৰ্কিত লেখকজনে লগতে ইছলাম আৰু কোৰাণক কাৰাগাৰ আখ্যা দিলে। এই প্ৰক্ৰিয়া আৰবৰ আৰু এয়া পৰিকল্পিত বুলিও অভিযোগ উত্থাপন কৰে বৰাই। ঐতিহাসিকভাৱে ভাৰতৰ মুছলমানৰ জিন হিন্দুৰ বাবেই ভাৰতীয় মুছলমানক ইছলাম আৰু কোৰাণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিব লাগে আৰু কংস আল্লাৰ পৰা মুক্ত কৰিব লাগে বুলি মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে।

    কোৰাণৰ কেইবাটাও শ্লোকৰ উদাহৰণ দি তেওঁ ক’লে যে আল্লা যে সাম্প্ৰদায়িক, ইছলাম যে সাম্প্ৰদায়িক কোৰাণত স্পষ্টকৈ উল্লেখ আছে। মুছলমানৰ অপৰাধ প্ৰৱণতাৰ মূল কাৰণেই হৈছে কোৰাণ। লভ জেহাদৰ বাবে মাদ্ৰাছাত মছজিদে মছজিদে মুছলমান ল’ৰাক তৈয়াৰ কৰা হয়। তাৰ তথ্য আমাৰ হাতত আহি পৰিছে। ৰাজহুৱা কৰিবলৈ আৰু কেইটামান দিন লৈছো। সোমবাৰে ডিব্ৰুগড়ৰ এখন হোটেলত সংবাদমেল আয়োজন কৰি নিজৰ বিতৰ্কিত গ্ৰন্থৰ বিষয়ে ক’বলৈ গৈ একপ্ৰকাৰ ইছলাম আৰু কোৰাণক আক্ৰমণৰ লক্ষ্য হিচাপে লয়।

    সংবাদমেলত আল্লা, ইছলাম ধৰ্ম, হজৰত মহম্মদ আৰু ভাৰতীয়ৰ বাহিৰৰ বিশেষকৈ আৰবৰ মুছলমানৰ বিৰুদ্ধে কেতবোৰ বিতৰ্কিত মন্তব্য আগবঢ়াই লগতে ইছলাম ধৰ্মৰ নাৰীক লৈও প্ৰকাশ কৰে বিতৰ্কিত মত। নিজেই সপ্তম শ্ৰেণীলৈকে জন্ম ঠাই নগাঁৱৰ এখন মাদ্ৰাছাত পঢ়া বুলি দাবী কৰি তাত তেওঁক কোৰাণৰ অংশ পঢ়োতে বাহিৰলৈ উলিয়াই দিয়া হৈছিল বুলিও অভিযোগ উত্থাপন কৰে। এনে কৰাৰ কাৰণত প্ৰশ্ন উত্থাপন কৰি বৰাই কয় ভাগৱত পাঠ যদি মুকলিকৈ হয় তেন্তে কোৰাণৰ অংশ কিয় ঢাকি থোৱা হয়।

    উল্লেখ্য যে কিছুদিন পূৰ্বে ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ নামৰ গ্ৰন্থ লিখা বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল কে জামান নামৰ এজন অধিবক্তাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং