27 C
Guwahati
Thursday, October 14, 2021
More

    কংগ্ৰেছত যোগদানৰ সম্ভাৱনা বিজেপিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ

    ২০১৪ চনৰ পৰা ২০১৯ চনলৈ তেজপুৰ সমষ্টিৰ সাংসদ আছিল ৰাম প্ৰসাদ শৰ্মা

    প্ৰাক্তন বিজেপি সাংসদৰ কংগ্ৰেছলৈ যোৱাৰ সম্ভাৱনা। ইতিমধ্যে চূড়ান্ত হৈছে আলোচনা। আৰ পি শৰ্মাই যোগদান দিব কংগ্ৰেছত। এই লৈ বিগত ৩ তিনিটা দিন ধৰি দিল্লীত বাহৰ পাতি আছে বিজেপিৰ প্ৰাক্তন সাংসদগৰাকী।

    ২০১৪ চনৰ পৰা ২০১৯ চনলৈ তেজপুৰ সমষ্টিৰ সাংসদ আছিল ৰাম প্ৰসাদ শৰ্মা। পিছে বিগত ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে তেওঁৰ টিকট কৰ্তন কৰাত এক প্ৰকাৰ বিসম্বাদী হৈ পৰিছিল দলটোৰ বিৰুদ্ধে। তেতিয়াৰ পৰাই অন্য দলত যোগদানৰ কথা উলাইছিল আৰ পি শৰ্মাৰ।

    পৰৱৰ্তী দুই এদিনৰ ভিতৰতে কংগ্ৰেছত যোগদান কৰিব আৰ পি শৰ্মাই। কংগ্ৰেছৰ দলীয় নেতাৰ সৈতে ইতিমধ্যেই সমাপন হৈছে আলোচনা। দিল্লীতেই আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিৰ নেতাগৰাকীয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং