27 C
Guwahati
Wednesday, June 29, 2022
More

    আহোমক বিদেশী সজোৱা আমিনুল ইছলামৰ ভাষ্য হেনো বিকৃত কৰিছে বিজেপিয়ে

    যদিহে আমিনুল ইছলামে ইচ্চাকৃতভাৱে আহোমসকলক খিলঞ্জীয়া নহয় বুলি মন্তব্য কৰিলে হয় তেন্তে নিঃসন্দেহে ক্ষমা বিচাৰিলে হয়

    বৰ্তমানে উজনি অসমৰ প্ৰায় সমূহ জিলাতে আমিনুল বিৰোধী শ্লগানেৰে উত্তাল কৰি তুলিছে আকাশ বতাহ। আহোমসকল অসমৰ প্ৰকৃত খিলঞ্জীয়া নহয় বুলি মন্তব্য কৰিছিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম। তাকে লৈ সমগ্ৰ উজনি অসমৰ লোক সকল জাঙুৰ খাই উঠি ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ বাবে দাবী উত্থাপন কৰিছিল বিধায়কগৰাকীক।

    পিছে আমিনুল ইছলামে ক্ষমা খোজাৰ সলনি সদৰি কৰে অন্য এক মন্তব্য হে। “মোৰ কথা বিকৃত কৰিছে বিজেপিয়ে। যদিহে মই ইচ্চাকৃতভাৱে বা জানি বুজি আহোমসকলক খিলঞ্জীয়া নহয় বুলি মন্তব্য কৰিলো হয় তেন্তে নিঃসন্দেহে ক্ষমা বিচাৰিলো হয়। আচলতে আহোমসকলক বাৰম্বাৰ অসমৰ প্ৰকৃত খিলঞ্জীয়া তথা ভুমিপুত্ৰ বুলি হে অবিহিত কৰিছিলো। আহোম জনগোষ্ঠী ভাৰতৰ অংগ ৰাজ্যৰ বাহিৰৰ পৰা অহা পাছতো আজি বিজেপিয়ে তেওঁলোকক খিলঞ্জীয়া নহয় বুলি কব পাৰিব নেকি, যদি নোৱাৰে তেনেহলে অসমত ১২০৬ চনৰ পৰা থকা কামৰূপীয়া মুছলমান সকলক কিয় একাশৰীয়া কৰি অসমীয়া মুছলমানৰ পৰিচয় গঢ়িব বিচাৰিছে চৰকাৰে।”

    Photo And Visual: @ Anit Pratiman Baruah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং