28 C
Guwahati
Thursday, October 28, 2021
More

    কাৰ্যালয়ত কূটাঘাতৰ আশংকা বিজেপি, অগপ আৰু RSS ৰ

    নেমছুৰ সভাপতি বদৰুল ইছলামে ঘোষনা কৰিলে অগপক সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ কথা

    কেব অমুমোদিতত হোৱাৰ পিছতে শংকিত হৈ পৰিছে কেব সমৰ্থন কৰা চৰকাৰ সহিতে অন্য দল সমুহ। অসমৰ সাধাৰণ ৰাইজৰ পৰা এতিয়া বিজেপি, অগপ আৰু RSS ৰ কাৰ্যালয়ত কূটাঘাতৰ আশংকা। কোনো কোনো ঠাইত কাৰ্যালয় সমুহৰ আগত বেনাৰ আৰি প্লেকৰ্ড হাতে হাতে লৈ প্ৰতিবাদ সাধাৰণ জনতাৰ।

    সেয়ে ৰাজ্যজুৰি বিজেপি, অগপ আৰু RSS ৰ কাৰ্যালয়ত কঠোৰ নিৰাপত্তা ব্যৱস্থা। প্ৰতিখন জিলাৰ আৰক্ষীলৈ এই সন্দৰ্ভত বাৰ্তা প্ৰেৰণ। প্ৰতিখন আৰক্ষী থানালৈয়ো প্ৰেৰণ কৰা হৈছে এই বাৰ্তা। কেবক লৈ শংকিত হৈ পৰিছে আৰক্ষী প্ৰশাসন। কেবক লৈ দল-সংগঠনৰ প্ৰতিবাদ দমনৰ বাবেও কঠোৰ নিৰ্দেশনা আৰক্ষীলৈ।

    আনহাতে বহুতো ঠাইত প্ৰৱেশ নিষিদ্ধ ঘোষণা সৰ্বা চৰকাৰ তথা অগপৰ। সংখ্যালঘু অঞ্চলতো নেমছুই প্ৰৱেশ নিষিদ্ধ ঘোষনা কৰিছে অতুল বৰা নেতৃত্বাধীন অগপৰ নেতা-কৰ্মীক। অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীক বৰ্জনৰ বাবে সংখ্যালঘু ৰাইজক আহ্বান সংখ্যালঘু ছাত্ৰ নেতা গৰাকীৰ।

    Photo: Time8

    জাতিদ্ৰোহী অগপৰ বিৰুদ্ধে হুংকাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাটোৰ। নেমছুৰ সভাপতি বদৰুল ইছলামে ঘোষনা কৰিলে অগপক সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ কথা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং