25 C
Guwahati
Wednesday, October 20, 2021
More

    লেকমি ফেশ্বন উইকত সংযুক্তা দত্তৰ ডিজাইন পিন্ধি ৰেম্পত বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰ

    দ্বিতীয় বাৰৰ বাবে ডিজাইনাৰ সংযুক্তা দত্তৰ হৈ ৰেম্পত খোজ দিছে বিপাশা বসুৱে

    বলিউডৰ তাৰকাযুটী সকলৰ ভিতৰত অন্যতম বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰৰ পৰম্পৰাগত অসমীয়া পাটৰ বস্ত্ৰ পৰিধানেৰে মুম্বাইত অনুষ্ঠিত হৈ থকা লেকমি ফেশ্বন উইকত অংশগ্ৰহণ।

    অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেশ্বন জিডাইনাৰ সংযুক্তা দত্তৰ দ্বাৰা প্ৰস্তুত কৰা নৱতম বস্ত্ৰ সম্ভাৰ ‘Prayash’ ৰ সাজ পৰিধান কৰি মুম্বাইৰ ফেশ্বন ৰেম্পত অসমৰ মান বৃদ্ধি কৰিলে বলিউডৰ জনপ্ৰিয় যুটীটোৱে। অসমৰ পাত মুগা উৎপাদন অভিকেন্দ্ৰ সমূহৰ পৰা সবাতোকৈ উৎকৃষ্ট পাট-মুগা নিৰ্বাচন কৰি সংযুক্তা দত্তৰ নৱতম সংযোজন ‘Prayash’ৰ বস্ত্ৰ সমূহ প্ৰস্তুত কৰা হৈছে।

    উল্লেখে যে ইয়াৰ আগতেও ডিজাইনাৰ সংযুক্তা দত্তৰ হৈ ৰেম্পত খোজ দিছিল বিপাশা বসুৱে। দ্বিতীয় বাৰৰ বাবে ডিজাইনাৰ সংযুক্তাৰ বস্ত্ৰসম্ভাৰ পৰিধান কৰা বিপাশায়ে জানিবলৈ দিয়ে যে, দ্বিতীয় বাৰৰ বাবে সংযুক্তা দত্তৰ হৈ walk কৰিব পাই তেওঁ খুবেই সুখী। সংযুক্তা দত্ত খুবেই ক্ৰিয়েতিভ। সংযুক্তাই ভালদৰে জানে পৰম্পৰাগত সাজ পাৰক কিদৰে নতুন তথা আধুনিক ৰূপ দিব পাৰি। পৰম্পৰাগত অসমীয়া সাজপাৰত স্বামী কৰণৰ সৈতে walk কৰিব পাই বিপাশাই সুখী হৈছে।

    অভিনেতা কৰণ সিং গ্ৰোভাৰে জানিবলৈ দিয়ে যে ‘সংযুক্তা দত্তৰ হৈ লেকমিৰ ৰেম্তপত খোজ দিব পাই নথৈ আনন্দিত। অসমৰ পাট-মুগাৰ উদ্যোগ জিলিকাই তুলিবলৈ সংযুক্তাই যথেষ্ট কষ্ট কৰিছে। যিসকল লোকে পৰম্পৰাগত সাজ পাৰৰ ক্ষেত্ৰত কিবা নতুন বিচাৰিছে, কৰণে তেওঁলোকক সংযুক্তা দত্তৰ দ্বাৰা প্ৰস্তুত বস্ত্ৰ নিৰ্বাচন কৰিবলৈ অনুৰোধ জনাই।

    লগতে সংযুক্তা দত্তইয়ো এই লেকমি ফেশ্বন উইক সন্দৰ্ভত কয় যে, তেওঁৰ বাবে এইটো এটা খুবেই চিৰস্মৰণীয় বিষয়। বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰৰ দৰে জনপ্রিয় যুটীয়ে তেওঁৰ বাবে শ্ব’ষ্ট’পাৰ হিচাপে অংশগ্ৰহণ কৰিছে।

    Photo : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং