বিলাসীপাৰাত উন্মোচিত অসম আৰক্ষীৰ ফোপোলা স্বৰূপ। মঙলবাৰে বিলাসীপাৰাৰ শালকোচা আৰক্ষী চকীৰ পৰা হেণ্ডকাফসহ পলায়ন দুৰ্ধৰ্ষ বাইক চোৰৰ। মঙলবাৰে নিউ হাতীপোতা বজাৰৰ পৰা বাইক চুৰি কৰি নিয়াৰ সময়তে ৰাইজে হাতে লোটে আটক কৰিছিল ৰকিবুল ইছলামক। AS 01-1138 নম্বৰ পালছাৰ বাইক এখন চুৰি কৰি নিয়াৰ সময়তে ৰাইজে চোৰটোক আটক কৰি গটাই দিছিল শালকোচা আৰক্ষীক।
আৰক্ষী চকীৰ পৰা পলায়ন কৰা বাইক চোৰটোৰ নাম ৰকিবুল ইছলাম। ঘটনাটোক লৈ চাপৰৰ শালকোচাত চাঞ্চল্যৰ সৃষ্টি। আৰক্ষীৰ এনে কাণ্ডকলৈ আৰক্ষীৰ ওপৰ মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি।