12.5 C
Guwahati
Saturday, January 29, 2022
More

    লকডাউনৰ বাবে মাতৃৰ ঘৰত আৱদ্ধ পত্নী; স্বামীয়ে ৰচিলে দ্বিতীয় বিবাহ

    বিয়াৰ খবৰ পোৱা মাত্ৰকে পত্নীয়ে স্বামীৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰে। ঘটনা সন্দৰ্ভত স্বামী ধীৰজ কুমাৰক সোধা-পোছা অব্যাহত আৰক্ষীৰ

    সমগ্ৰ দেশতে বৃদ্ধি হৈ গৈ আছে কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা। এই মহামাৰীক ৰুধিবলৈ চৰকাৰৰ ফালৰ পৰা চেষ্টা অব্যাহত। এই পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশ লকডাউন কৰা হৈছে লগতে সকলোকে ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনায়। কিন্তু এই লকডউনৰ বাবে সম্পৰ্কসমূহত যথেষ্ট বেয়া প্ৰভাৱ পৰাৰ ঘটনা পোহৰলৈ আহিছে। লকডাউনৰ পূৰ্বে
    এগৰাকী মহিলা মাতৃৰ ঘৰলৈ গৈছিল, ইয়াৰ মাজতে লকডাউনৰ ঘোষণা কৰাৰ বাবে মহিলাগৰাকী পুনৰ ঘূৰি আহিব নোৱাৰিলে স্বামী গৃহলৈ। স্বামীয়ে মতাৰ পিছতো পত্নী নহাত স্বামীয়ে ৰচিলে দ্বিতীয় বিবাহ।

    বিহাৰৰ দুল্হিন বজাৰ থানাত সংঘটিত হৈছে এই ঘটনা। তথ্য অনুসৰি, ভৰতপুৰা নিবাসী ধীৰজ কুমাৰ কিছু বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। কিছুদিন পূৰ্বে ধীৰজৰ পত্নী মাতৃগৃহলৈ গৈছিল। ইয়াৰ মাজতে লকডাউন ঘোষণা কৰা হৈছিল আৰু যাৰ বাবে মহিলাগৰাকী পুনৰ ঘূৰি আহিব নোৱাৰিলে ভৰতপুৰালৈ। ধীৰজে পত্নীক ঘূৰি আহিবলৈও কৈছিল।

    লকডাউনৰ বাবে স্বামীয়ে পত্নীক ঘূৰি আহিবলৈ কোৱাৰ পিছতো আহিব নোৱাৰিলে। পত্নী ঘূৰি নহাৰ ক্ষোভত ধীৰজ কুমাৰে ৰচিলে দ্বিতীয় বিবাহ। খিৰীমোৰৰ ৰঘুনাথপুৰত প্ৰেমিকাৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয় ধীৰজ। বিয়াৰ খবৰ পোৱা মাত্ৰকে পত্নীয়ে স্বামীৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰে। ঘটনা সন্দৰ্ভত স্বামী ধীৰজ কুমাৰক সোধা-পোছা অব্যাহত আৰক্ষীৰ।

    Photo credit: navbharattimes.indiatimes.com/

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং