33 C
Guwahati
Tuesday, September 27, 2022
More

    BIG Breaking: শুই থকা অৱস্থাত একেটা কোঠালীতে উদ্ধাৰ তিনি ভাই-ককাইৰ মৃতদেহ

    লখিমপুৰৰ চাবতিৰ কিতাপ আলীৰ সন্তান আছিল তিনিও ভাই-ককাই

    এক ৰহস্যজনক ঘটনা। অৰুণাচলৰ পাকেকিচাঙত একেটা কোঠালীত উদ্ধাৰ তিনিটাকৈ মৃতদেহ। পুৱা ৰহস্যজনকভাৱে উদ্ধাৰ লখিমপুৰৰ তিনি ভাই-ককাইৰ মৃতদেহ।

    এটা বিল্ডিঙত ৰং মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল তিনিও ভাই-ককাই। মৃত তিনি ভাই-ককাইৰ ঘৰ লখিমপুৰৰ চাবতিত। মৃত ভাই-ককাই কেইজন মনিৰুল ইছলাম(২৫), মফিদুল ইছলাম(২২) আৰু আশ্ৰাফুল আলী(১৭) বুলি জানিব পৰা গৈছে।

    পাকেকিচাঙত এটা ভৱনৰ ৰং কৰা কামৰ ঠিকা লৈছিল তিনিও জনে। ২৫ দিন মান পূৰ্বে লখিমপুৰৰ পৰা গৈছিল কামলৈ। কালি বিল্ডিঙৰ পেইন্টিং কাম শেষ হৈছিল আৰু বিল্ডিঙৰ এটা কোঠাতে নিশা শুইছিল তিনিও জন।

    পুৱা ৰহস্যজনকভাৱে উদ্ধাৰ হয় তিনিওৰে মৃতদেহ। পিছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত্যুৰ ৰহস্যৰ কাৰণ। ইতিমধ্যে লখিমপুৰৰ চাবতিলৈ লৈ অহা হৈছে মৃতদেহ কেইটা।

    Photo Credit: @hassinuralom

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং