29 C
Guwahati
Wednesday, October 13, 2021
More

    Big Breaking: প্ৰতাপী কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপিত যোগদান

    কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পদ্যতাগ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ দল এৰিছিল মাধৱৰাও সিন্ধিয়াৰ সুপুত্ৰই

    অৱশেষত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান মধ্যপ্ৰদেশৰ মহাপ্ৰতাপী কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ। ২০২০ৰ ১১ মাৰ্চত বিয়লি বিজেপিত যোগদান কৰে জ্যোতিৰাদিত্যই।

    কংগ্ৰেছত মোক্ষম আঘাত। কালি কংগ্ৰেছ ত্যাগ কৰিছিল প্ৰতাপী কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতেই কংগ্ৰেছ পৰা পদত্যাগ আৰু বিজেপিত যোগদানৰ চিন্তাচৰ্চা কৰে নেতাগৰাকীয়ে।

    কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পদ্যতাগ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ দল এৰিছিল মাধৱৰাও সিন্ধিয়াৰ সুপুত্ৰ জ্যোতিৰাদিত্যই। কালিতেই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিছিল জ্যোতিৰাদিত্য সিন্ধিয়াই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং