29 C
Guwahati
Monday, October 25, 2021
More

    BIG Breaking: অসমত সকলো শিক্ষানুষ্ঠান, চুইমিংপুল, জিম, চিত্ৰগৃহ আদি ২৯ মাৰ্চলৈ বন্ধৰ নিৰ্দেশ

    অৱশ্যে CBSC পৰীক্ষা চলি থকা বিদ্যালয় সমূহ খোলা থাকিব

    অসমত কৰ’ণা ভাইৰাছৰ বাবে সজাগতা বৃদ্ধি। সুৰক্ষাজনিক কৰাণৰ বাবে অসমৰ সকলো শিক্ষানুষ্ঠান যেনে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি বন্ধ ঘোষণা। লগতে বন্ধ ঘোষণা লোক সমাৱেশ ঘটা স্থান যেনে, চুইমিংপুল, জিম, চিত্ৰগৃহ আদি ২৯ মাৰ্চলৈ বন্ধৰ নিৰ্দেশ। অৱশ্যে CBSC পৰীক্ষা চলি থকা বিদ্যালয় সমূহ খোলা থাকিব বুলি জনাই সঞ্জয় কৃষ্ণই।

    কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই। সংবাদমেল অনুস্থিত কৰি এই নিৰ্দেশনা জাৰি কৰি মুখ্য সচিবগৰাকীয়ে। ইয়াৰ উপৰিও ৰাজ্যত বৰ্তমানে ১০০ৰ ওপৰত isolation ৱাৰ্ড সাজু কৰি ৰখা হৈছে। প্ৰায় ৫০ খন ICU বেড ৰখা হৈছে। অৱশ্য ৰাজ্যত এতিয়ালৈ কোনো ধৰণৰ কৰ’ণা ভাইৰাছত আক্রান্তৰ পজিটিভ কেছ নাই।

    আনহাতে ৰে’লেৰে যাত্ৰা কৰা সকলকো পৰীক্ষা কৰা হ’ব। পূৰ্বে আতংকৰ সৃষ্টি নহবৰ বাবে ৰে’ল ষ্টেচনত যাত্ৰী সকলৰ পৰীক্ষা কৰা হোৱা নাছিল। কিন্তু বৰ্তমানে ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১০০ৰ ঘৰ পোৱাত সকলো সম্ভৱ সতৰ্কতা অৱলম্বন কৰা হৈছে।

    লগতে পৰ্যটন ক্ষেত্ৰৰ সন্দৰ্ভত এম-অংগমাথুই কয় যে, অসমত অহা সকলো পৰ্যটকক পৰীক্ষা কৰা হৈছে। গতিকে পৰ্যটকসকলক অশান্তি নকৰিবলৈ লগতে নিজেও ভয় নাখাবলৈ আৰু আনকো ভয় নুখুৱাবলৈ আহ্বান।

    যিহেতু সকলোকে পৰীক্ষা নিৰিক্ষাৰ পিছতহে প্ৰৱেশৰ অনুমতি গতিকে পৰ্যটন বিভাগ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নাই। যদিহে পৰিস্থিতি বেয়া হয় তেতিয়া এপ্ৰিল মাহৰ আগতে বন্ধ কৰা হ’ব অসমৰ পৰ্যটন ক্ষেত্ৰ সমূহ। লগতে ৰাজ্য চৰকাৰে ৰাইজক সকলো ধৰণৰ সহায় কৰিবলৈ সাজু বুলি দোহাৰে সংবাদমেলখনত।

    Photo Credit: @smitaranideka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং