দেওবাৰ ১৯ জানুৱাৰী ২০২০ৰ পৰা মাজুলীত আৰম্ভ হ’ব অসম ভিত্তিত ভাওনা সমাৰোহ। ২০০৬ বৰ্ষৰ পৰা প্ৰতি দুবছৰৰ মূৰে মূৰে ঐতিহ্য মণ্ডিত মাজুলীৰ শ্ৰী শ্ৰী আউনী আটি সত্ৰৰ উদ্যোগত সমূহ মাজুলী তথা অসমবাসী ৰাইজৰ সহযোগত অসম ভাওনা সমাৰোহ আয়োজন কৰি আহিছে। আন কেইবছৰৰ দৰে এই বছৰো আয়োজন কৰিছে ভাঁওনা সমাৰোহৰ৷
ভাওনা সমাৰোহৰ আনুষ্ঠানিক উদ্বোধন কৰিব মাজুলীৰ বহু কেইজন সত্ৰাধিকাৰে। সত্ৰাধিকাৰ সকলৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হ’ব এই সমাৰোহৰ। লগতে এই আৰম্ভণি অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হ’ব ২০০০ যোৰ তালৰ সৈতে পৰিৱেশিত নাম প্ৰসংগ। ভাওনা মহোৎসৱত বিশেষকৈ মাজুলী শাৰদীয় উৎসৱ ৰাস, পালনাম আদিও প্ৰদৰ্শিত হ’ব।
Photo Credit: @kalpajitsaikia