25 C
Guwahati
Thursday, October 21, 2021
More

    কৰ’ণাৰ বিৰুদ্ধে যুঁজঃঅসম আৰোগ্য নিধিলৈ ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস,ইনলি ফাউণ্ডেচনৰ আৰ্থিক অনুদান

    এই পৰ্যন্ত ৰাজ্যত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃ্দ্ধি পালে ২৯লৈ আৰু হাইলাকান্দিত মৃত্যু হ'ল অসমৰ প্ৰতিজন কৰ'ণা ৰোগীৰ

    সমগ্ৰ বিশ্বতে এতিয়া মাথো কৰ’ণা ভাইৰাছৰ আতংক। প্ৰতিদিনে বাঢ়িছে কৰ’ণা ভাইৰাছত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা। অসমতো এতিয়া কৰ’ণাৰ কোপদৃষ্টি। এই পৰ্যন্ত ৰাজ্যত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃ্দ্ধি পালে ২৯লৈ আৰু হাইলাকান্দিত মৃত্যু হ’ল অসমৰ প্ৰতিজন কৰ’ণা ৰোগীৰ। অসমত কৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ চৰকাৰৰ ‘অসম আৰোগ্য নিধি’লৈ অনেক লোকেই আৰ্থিক অনুদানেৰে সহায়ৰ হাত আগবঢ়াইছে।

    বিশ্ববাসীক ত্ৰাসিত কৰা কৰ’ণাৰ সংকটৰ সময়ত অসম চৰকাৰে তৎপৰতাৰে যি প্ৰশংসনীয় পদক্ষেপ লৈছে তাৰ বাবে ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসে অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি এই যুঁজত ন্যাসৰ তৰফৰ পৰা আন্তৰিক সহযোগৰ অংশ হিচাপে ‘অসম আৰোগ্য নিধি’লৈ ৫০,০০০ টকাৰ এখন চেক্ আৰু ইনলি ফাউণ্ডেচনৰ পৰা ১০,০০০ টকাৰ এখন চেক্ ন্যাসৰক্ষী ইন্দ্ৰজিৎ দাসে অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ হাতত অৰ্পণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং