15 C
Guwahati
Friday, November 25, 2022
More

    দীঘল নাকে বিপদ মাতিলে দৰাৰ, কি এনে বিপদ হ’ল দৰাৰ! জানিবলৈ পঢ়ক এই বাতৰি

    ৩০ জানুৱাৰী ২০২০ত যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবেও দুয়ো দৰা-কইনা হৈছিল সম্পূৰ্ণ প্ৰস্তুত

    বিয়াৰ বাবে সকলো প্ৰস্তুতি তুংগত এখন বিয়া ঘৰত। বিয়াৰ দিনো নিচেই কাষত। ৩০ জানুৱাৰী ২০২০ত যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবে দুইয়ো দৰা-কইনাও সম্পূৰ্ণ প্ৰস্তুত। ২০১৯ৰ ছেপ্টেম্বৰ মাহত আঙঠি পিন্ধোৱাও হৈ গ’ল দুয়োৰে। পিছে অন্তিম মুহুৰ্তত লাগিল লেঠা। লেঠাও একেবাৰে এৰা নপৰা বিধৰ। দৰাও এৰি নিদিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ।

    বাংগালুৰুস্থিত ৩৫ বৰ্ষীয় অভিযন্তা ৰমেশৰ অনলাইন বিবাহ মেট্ৰিমনিয়েল ছাইটত চিনাকি হৈছিল ৰশ্মিৰ সৈতে। লাহে লাহে সিজনে সিজনক জানি বুজি আগবাঢ়িছিল বিয়াৰ বাবেও। দুয়োখন ঘৰৰ মাজতো হৈছিল ভালদৰে আহযাহ। আঙঠি পিন্ধোৱা হৈ যোৱাৰ পিছত বিয়াৰ বাবে তাৰিখ থিক কৰা হৈছিল। বিয়াৰ স্থান বিচাপে নিৰ্বাচিত কৰা হৈছিল দক্ষিণৰ বিখ্যাত মন্দিৰ তিৰুমালা।

    পিছে অন্তিম ক্ষণত লাগিল লেঠা, বিয়াত নবহে কইনা। কাৰণ হিচাপে কৈছে দৰাৰ হেনো নাকটো দীঘল। হয়, আচৰিত হ’লেও এয়াই সত্য, নাক দীঘল ল’ৰাৰ লগত বিয়াত নবহে ৰশ্মি। ইমান দিনে দেখি শুনি থকাৰ পিছতো বিয়াৰ ভঙাৰ বাবে দৰাইয়ো এৰি দিয়া বিধৰ নহয়। ঘটনা লৈ গ’ল আদালতৰ মজিয়ালৈ। মানহানিৰ গোচৰ তৰিলে ৰশ্মি আৰু তাইৰ পৰিয়াৰ বিৰুদ্ধে। আইপিএছ ৪১৭ আৰু ৪২০ ধাৰা অনুসৰি পৰিয়ালটোৰ বিৰুদ্ধে গোচৰ ৰমেশৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং