25 C
Guwahati
Thursday, October 21, 2021
More

    বঙাইগাঁৱত গ্ৰেপ্তাৰ কৰা বঙালী নেতা সম্ৰাট ভাৱেলক মুকলি

    বেংগলী নেতাজনৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ। আক্ৰাছুৰ মুখ্যকাৰ্যালয় জ্বলাই দিছিল এইগৰাকী নেতাই

    সদৌ অসম বেংগলী ফেডাৰেশ্বনৰ সম্পাদক তথা বঙাইগাঁও জিলাৰ সভাপতি সম্ৰাট ভাৱেলক মুকলি। মঙলবাৰে নিশা বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নেতাগৰাকীক। এই গৰাকী নেতাৰ উচতনিত কালি একাংশ লোকে চাৰি গৰাকী আছু কৰ্মীক মাৰধৰ কৰিছিল বঙাইগাঁৱত।

    Photo: Time8

    বেংগলী নেতাজনৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ। আক্ৰাছুৰ মুখ্যকাৰ্যালয় জ্বলাই দিছিল এইগৰাকী নেতাই। তাৰ পিছতে বঙাইগাঁও থানাত আৱদ্ধ কৰি ৰাখিছিল নেতাগৰাকীক। 946/19 নং গোচৰ ৰুজু হৈছিল লগতে ৰুজু হৈছিল ভাৰতীয় দণ্ডবিধি আইনৰ 341/294/325/427/506/34 গোচৰ। নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে চেপা উত্তেজনাই বিৰাজ কৰিছিল বঙাইগাঁৱত।

    ইয়াৰ পিছতেই প্ৰৱল প্ৰতিবাদ কৰিছিল বঙালী সংগঠন আৰু লোকে। তীব্ৰ প্ৰতিবাদৰ ফলত বুধবাৰে পুৱা মুকলি কৰি দিবলৈ বাধ্য হয় সম্ৰাট ভাৱেলক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং