26 C
Guwahati
Sunday, April 2, 2023
More

    জনপ্ৰিয় বাংলা অভিনেতা তথা প্ৰাক্তন সাংসদ তাপস পালৰ বিয়োগ

    ১৯৮০ চনত বাংলা ছবিজগতত পদাৰ্পণ কৰি বহুকেইখন জনপ্ৰিয় ছবি উপহাৰ দিয়া তাপস পালে ১৯৮৪ চনত 'অবোধ' নামৰ চিনেমাখনৰ জৰিয়তে বলীউডতো খোজ পেলাইছিল

    জনপ্ৰিয় বাংলা অভিনেতা তথা তৃণমূল কংগ্ৰেছৰ সাংসদ তাপস পালৰ বিয়োগ। মঙলবাৰে পুৱা ৪ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লয় তাপস পালে। তাপস পালে নিজ কন্যাক লগ কৰিবলৈ মুম্বাইলৈ গৈছিল। কন্যাক লগ কৰি মুম্বাইৰ পৰা কলকাতা অভিমুখী বিমানত ৰাওনা হ’বৰ বাবে তেওঁ বিমানবন্দৰলৈ আহিছিল আৰু তাতে তেওঁ বুকুত বিষ অনুভৱ কৰে। লৰালৰিকৈ পালক জুহুৰ হস্পিতাললৈ লৈ যোৱা হয় যদিও হস্পিতালতে তেওঁৰ মৃত্যু হয়।

    ‘অবোধ’ত মাধুৰী দিক্ষীত আৰু তাপস পাল ( Photo: Dailymotoin)

    যোৱা দুবছৰ ধৰি তাপস পাল হৃদৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে। ১৯৫৮ চনৰ ২৯ ছেপ্তেম্বৰত পশ্চিমবংগৰ চন্দননগৰত জন্মগ্ৰহণ কৰা তাপস পালে ১৯৮০ চনত বাংলা ছবিজগতত পদাৰ্পণ কৰি বহুকেইখন জনপ্ৰিয় ছবি উপহাৰ দিছিল। ১৯৮৪ চনত ‘অবোধ’ নামৰ চিনেমাখনৰ জৰিয়তে বলীউডতো তেওঁ খোজ পেলাইছিল, মাধুৰী দিক্ষীতৰো আছিল এইখন জীৱনৰ প্ৰথম ছবি।

    Photo Credit: Livemint

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং