নিৰ্বাচন আয়োগৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ এক তথ্য পোহৰলৈ আহিছে। পশ্চিমবংগৰ এজন লোকৰ ভোটাৰ আই ডি কাৰ্ডত নিজৰ ছবিৰ সলনি আহিল এটা কুকুৰৰ ছবি। ৬৪ বছৰীয়া সুনীল কৰ্মকাৰ নামৰ লোকজনে ভোটাৰ আই ডি কাৰ্ডখন হাতত লৈয়ে মূৰে-কপালে হাত দিয়ে।তেওঁ লগেলগে ভুল শুধৰণিৰ বাবে নিৰ্বাচন আয়োগক দাবী জনায়।
সুনীল কৰ্মকাৰে এই সন্দৰ্ভত কয়, ”মোৰ ভোটাৰ আই ডি কাৰ্ডখনত বহুতো ভুল আছিল, সেই ভুলবোৰ শোধৰাবৰ বাবে আবেদন কৰিছিলো। ভুলবোৰ শুদ্ধ হৈ আহিল কিন্তু মোৰ ফটোখনৰ পৰিৱৰ্তে এইবাৰ আহিল কুকুৰৰ ফটো। এতিয়া এই কাৰ্ডখন যিয়ে দেখিছে সকলোৱে মোক হাঁহিছে, তাচ্ছিল্য কৰিছে।” উল্লেখ্য যে সুনীল কৰ্মকাৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।
Photo Credit: Hindustan Times