26 C
Guwahati
Thursday, September 29, 2022
More

    ওৰ পৰিল বৰপেটাৰ শ্বাসৰুদ্ধকাৰী দেৱশিশু অপহৰণৰ ঘটনা, হাজোত উদ্ধাৰ অপহৃত শিশুটি

    ৩ অভিযুক্ত আৰক্ষীৰ জালত, পলাতক মূল অভিযুক্ত

    অৱশেষত উদ্ধাৰ হ’ল বৰপেটাৰ পৰা অপহৃত শিশুটি৷ ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দেৱশিশুটিক৷ বৰপেটা আৰক্ষীয়ে হাজোৰ খোপনিকুছি গাঁৱৰ পৰা উদ্ধাৰ কৰে শিশুটিক৷ শিশু অপহৰণ কাণ্ডৰ সৈতে জড়িত হাজোৰ ওবাইডুল হ’ক আৰু তেওৰ পত্নীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ শুকুৰবাৰে নিশা বৰপেটাৰ বাঁহমূৰা গাঁৱত সংঘটিত হৈছিল এই শিশু অপহৰণৰ ঘটনা৷

    নিশা শুই থকা অৱস্থাতে মাতৃৰ বুকুৰ মাজৰ পৰা হাছানুৰ আলী আৰু ইমান আলী নামৰ দুই পাষণ্ডই অপহৰণ কৰিছিল ১৫ দিনীয়া শিশুটিক৷ ঘৰৰ দুৱাৰৰ তলা ভাঙি শিশুটি অপহৰণ কৰি হাছানুৰ আলী আৰু ইমান আলীয়ে লৈ গৈছিল হাজোৰ খোপনিকুছি গাঁৱলৈ৷ হাজোৰ ওবাইদুল হ’কক শিশুটি চমজাই দি ঘৰলৈ উভতি অহা দুই অপহৰণকাৰীৰ ভিতৰত ইমান আলীক সন্দেহৰ ভিত্তিত আটক কৰিছিল গাঁৱৰ ৰাইজে৷

    ইমান আলীয়ে হাছানুৰ আলীৰ সৈতে মিলি শিশুটি অপহৰণ কৰা বুলি স্বীকাৰ কৰাৰ পিছতে উত্তেজিত ৰাইজে ইমান আলীক উত্তম মধ্যম শোধাই আৰু অপহৰণকাণ্ডত ব্যৱহৃত ইমান আলীৰ ইয়ন গাড়ীখনো জ্বলাই দিছিল৷ ইফালে ইমান আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে শিশুটিক উদ্ধাৰৰ বাবে হাজোৰ বিভিন্ন স্থানত অভিযান চলাই অৱশেষত হাজো আৰক্ষীৰ সহযোগত বৰপেটা আৰক্ষীয়ে হাজোৰ খোপনিকুছি গাঁৱৰ পৰা উদ্ধাৰ কৰে অপহৃত শিশুটিক৷

    ওবাইদুল হ’কে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি শিশুটি শ্বিলঙত বিক্ৰীৰ বাবে যোগাযোগ চলাই থকা হৈছিল৷ অপহৰণকাণ্ডৰে জড়িত মূল অভিযুক্ত হাছানুৰ আলী বৰ্তমানেও পলাতক। হাছানুৰক বিচাৰি বৰপেটা আৰক্ষীৰ অভিযান অব্যাহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং