22 C
Guwahati
Sunday, December 5, 2021
More

    বৰপেটাৰ ঐতিহ্যমণ্ডিত এম চি কলেজৰ ছাত্ৰ নামিছে ড্ৰাগছ ব্যৱসায়ত

    ছাত্ৰজনৰ পৰা উদ্ধাৰ ৯টা ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ

    নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ত নামিছে বৰপেটাৰ ঐতিহ্যমণ্ডিত এম চি কলেজৰ ছাত্ৰ৷ শনিবাৰে নিশা ব্ৰাউন চুগাৰসহ জালত পৰিল ছাত্ৰজন৷ ছাত্ৰজনৰ নাম মহিবুল ইছলাম। এম চি কলেজৰ স্নাতক দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ মহিবুল৷

    মহিবুলৰ ঘৰ বৰপেটাৰ কান্দাপাৰাত৷ ছাত্ৰজনৰ পৰা উদ্ধাৰ ৯টা ব্ৰাউন চুগাৰৰ কণ্টেইনাৰ৷ ৰামসেনাৰ কৰ্মীয়ে নিশা ড্ৰাগছ ব্যৱসায়ী ছাত্ৰজনক আটক কৰি গটাই দিয়ে আৰক্ষীক৷

    ছাত্ৰজনে বৰপেটাৰ কোনো যুৱকক বিক্ৰীৰ বাবে লৈ আহিছিল ব্ৰাউন চুগাৰভৰ্তি কণ্টেইনাৰ কেইটা৷ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী ছাত্ৰজনক৷

    সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্যাহত আছে৷ ইপিনে বৰপেটা চহৰত ড্ৰাগছৰ পোহাৰ মেলা চক্ৰটোক উৎখাতৰ বাবে প্ৰশাসনক আহ্বান জনাইছে ৰাম সেনাৰ কৰ্মীয়ে৷

    Photo Credit: @maidulislam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং