৪ গৰাকী সদ্যৰে এটা পৰিয়াল। কিন্তু পৰিস্থিতিয়ে বাধ্য কৰালে চাৰিওকে আত্মহত্যা কৰিবলৈ।
পৰিয়ালটোত আছিল পিতৃ-মাতৃ আৰু দুই শিশু। এটিৰ ১২ বছৰ আৰু আনটিৰ ৮। আত্মহত্যাৰ অৰ্থ বুজি নপোৱা শিশু হতেও বাচি ললে আত্মহত্যাৰ দৰে চৰম পথ।
এই ঘটনা উত্তৰ প্ৰদেশৰ বাৰাবাংকীৰ। মঙলবাৰ ১৪ জুলাইৰ দিনা ললিত কিশোৰ গৌৰ(৪০), পত্নী প্ৰীতি (৩৩), দুই পুত্ৰ প্ৰেম( ১২) আৰু অমৃত(৮)এ একেলগে ফাঁচী লগাই আত্মহত্যা কৰে।
পিছে পৰিলায়টোৱে একেলগে কিয় বাচি ললে এই চৰম পথ। ইয়াৰ একমাত্ৰ কাৰণ আৰ্থিক দৈন্যতা। লকডাউনৰ বাবে তীব্ৰ আৰ্থিক সংকটত পৰিছিল পৰিয়ালটো।
বিগত চাৰিটা মাহে দিব পৰা নাছিল ঘৰৰ ভাড়া, লগতে দিব পৰা নাছিল দুই সন্তানৰ বিদ্যালয়ৰ মাচুল।
শেষত গৈ খাদ্যৰো নাটনিত পৰিছিল পৰিয়ালটো।
ব্যৱসায় কৰিছিল পৰিয়ালটোৰ মুৰব্বী ললিত কিশওৰ গৌৰে। কিন্তু লকডাউনৰ বাবে বন্ধ হৈ পৰিছিস ব্যৱসায়। যাৰ বাবে দিব পৰা নাছিল একোৰে পইচা।
৫০০০ টকাকৈ প্ৰতিমাহে আছিল ঘৰৰ ভাড়া। লগতে দুই সন্তানকো পঢ়াইছিল চহৰৰ এখন ভাল বিদ্যালয়ত।
তেনে এক পৰিস্থিতিৰ পৰা আহি যেতিয়া দুই সন্তানৰ খাদ্য যোগাৰ কৰাতো অসমৰ্থ হৈ পৰে ললিত। তেতিয়াই বাচি লয় এই পথ।
যাৰ বাবে এতিয়া এই ঘটনাই চকু সেমেকাই তুলিছে সমগ্ৰ বাৰাবাংকী অঞ্চলৰে মানুহৰ।
Photo Credit: AmarUjala.com