14.4 C
Guwahati
Saturday, January 29, 2022
More

    গোলাঘাটত অবৈধ বাংলাদেশীৰ ভয়ংকৰ স্বীকাৰোক্তি ‘ভাৰত-বাংলা সীমান্তত সীমান্তৰক্ষী নথকাৰ সুযোগতে অসমত প্ৰৱেশ’

    ভুৱা নাগৰিকত্ব প্ৰমাণ পত্রৰে অসমত স্থায়ী বাসিন্দা হোৱাৰ চেষ্টা

    দেশত চতুৰ্থ পর্যায়ৰ লকডাউন হ’বলৈ অহাৰ সময়তে অসমত অবৈধ ভাৱে প্ৰৱেশ কৰিছে বাংলাদেশীয়ে| ভাৰত বাংলাদেশ সীমান্তৰে পাৰ হৈছে বহু বাংলাদেশী| তাৰেই এজনক আটক কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে। আটকাধীন লোক জনৰ ভয়ংকৰ স্বীকাৰোক্তি ‘উন্মক্ত ভাৰত-বাংলা সীমান্তত কোনো সীমান্তৰক্ষী নথকাৰ সুযোগতে অসমত প্ৰৱেশ’।

    ধৃত লোক জনৰ নাম ৰতন বৰ্মন। লোক জনৰ স্বীকাৰোক্তি অনুসৰি এজন সহযোগীৰ সৈতে উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তই দি পাৰহৈ ত্ৰিপুৰাৰ বলাধাবাৰ পৰা চিৰাজুলা গৈ এখন টেম্পো গাড়ী লৈ আগৰতলা ৰে’লৱে ষ্টেচনৰ পৰা ট্ৰেইনত উঠি ডিফু পাইহি| উন্মুক্ত সীমান্তত কোনো নথকা সুযোগ লৈয়ে ভাৰত বাংলাদেশ সীমান্ত পাৰহৈ আহিল বুলি জানিবলৈ দিয়ে আটকাধীন লোকজনে|

    ইয়াৰ লগতে পোহৰলৈ আহিছে আন কেইবাটাও ভুৱা প্ৰমাণপত্ৰ যোগান ধৰাৰ ঘাটিৰ বিষয়ে। ডিফুট কেইদিন মান থাকি তাতে ভুৱা স্কুল চাৰ্টিফিকেট বনাই দিয়ে পাৰ্থ দেৱনাথ নামৰ এজন লোক| গোলাপ খান নামৰ আন এজনে জন্ম প্ৰমাণ পত্ৰ, পান কাৰ্ড, লেৱাৰ কাৰ্ড আদি বনাই দিয়াৰ কথা উল্লেখ কৰে যুৱক জনে|

    লকডাউনৰ আগে আগে আহি বোকাজনৰ লাহৰী জানত বাহৰ পাতি আছিল লোকজন। কিন্তু লকডাউনৰ বাবে খাদ্যৰ অভাৱত পৰি সৰুপথাৰলৈ বুলি ওলাই আহোঁতেই চুঙাজান সীমান্ত আৰক্ষীয়ে আটক কৰে লোক জনক| বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

    Photo Credit: @nobinbora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং