34 C
Guwahati
Friday, September 30, 2022
More

    NRCত নাম নথকা লোকক প্ৰেৰণ নকৰে বাংলাদেশলৈ, শ্বেখ হাছিনাক আশ্বাস মোদীৰ

    সু সম্পৰ্ক আছে ভাৰত আৰু বাংলাদেশৰ মাজত। সেয়েহে অসমৰ এন আৰ চিক লৈ চিন্তা কৰিব নালাগে বাংলাদেশে

    ৪ দিনীয়া ভ্ৰমণ সূচী লৈ ভাৰতত আছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী। দিল্লীত উপস্থিত হোৱাৰ লগে লগে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ মন্তব্য আগবঢ়াই কয় যে এই এন আৰ চিক লৈ কোনো সমস্যা নাই বাংলাদেশৰ। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ইতিমধ্যে আলোচনা কৰিছে বাংলাদেশে। লগতে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰে এন আৰ চিৰ জৰিয়তে অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি আছে, ইয়াৰ ভিতৰত বাংলাদেশৰ পৰা অহা লোকৰ সংখ্যাই অধিক।

    ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া পদক্ষেপক লৈ সন্তুষ্টনে বুলি বাংলাদেশৰ প্ৰধানমন্ত্ৰীক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে নিশ্চিতভাৱে এন আৰ চিক লৈ কোনো সমস্যা হোৱা পৰিলক্ষিত হোৱা নাই মোৰ। এই বিষয়ে কোনো চিন্তা কৰিব নালাগে বাংলাদেশেও। কিয়নো ইতিমধ্যে আলোচনা সম্পন্ন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে। সকলো ঠিকেই আছে।

    উল্লেখ্য যে নিউয়ৰ্কত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিদৰ বৈঠকত অংশ ল’বলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেই সময়ছোৱাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে সাক্ষাত হৈছিল নৰেন্দ্ৰ মোদীৰ। তাৰ মাজতে মোদীৰ আগত এন আৰ চিৰ প্ৰসংগ উত্থাপন কৰি চিন্তা ব্যক্ত কৰিছিল শ্বেখ হাছিনাই। আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দি কয় যে এন আৰ চিত নাম নথকা লোকক প্ৰেৰণ কৰা নহয় বাংলাদেশলৈ। সু সম্পৰ্ক আছে ভাৰত আৰু বাংলাদেশৰ মাজত। সেয়েহে অসমৰ এন আৰ চিক লৈ চিন্তা কৰিব নালাগে বাংলাদেশে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং