27 C
Guwahati
Friday, May 20, 2022
More

    ফল কঢ়িওৱা বাহনত ওলাল ৩০ কাৰ্টন নিষিদ্ধ কফ চিৰাপ

    এই কফ চিৰাপ খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা

    এফালে ৰাজ্যত লকডাউনৰ পহৰা দি আছে আৰক্ষীয়ে, তাৰ মাজতো কিছুমানে গোপনে বেআইনী কাম কৰিবলৈ এৰা নাই। তালাচী চলাই ফল কঢ়িওৱা বাহনত জব্দ কৰিলে নিষিদ্ধ কফ চিৰাপ। CIDয়ে জব্দ কৰিলে ১০ হাজাৰ ৫০০ বটল নিষিদ্ধ কফ চিৰাপ।লখৰাৰ ৰাজপথত চলা অভিযানত জব্দ নিষিদ্ধ সামগ্ৰীখিনি। এখন টাটা মেজিক গাড়ীত লৈ আনিছিল ৩০ কাৰ্টন কফ চিৰাপ। উল্লখ্য যে, ফল আৰু পাচলি কঢ়িওৱাৰ বাবে অনুমতি আছিল গাডীখনৰ।

    গাড়ীখনত কল কঢ়িয়াই আনিছিল যদিও গাড়ীৰ ভিতৰত গোপনে আনিছিল চিৰাপ খিনি। গাড়ীখনত আছিল দুটা গোপন চেম্বাৰ। আৰি সেই গোপন চেম্বাৰতে আছিল চিৰাপ খিনি।CIDৰ দলে প্ৰথমে গাড়ীখনৰ পৰা চিৰাপখিনি বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাছিল। পিছত স্নিফাৰ ডগৰ সহযোগত ধৰা পেলাই গাড়ীখনৰ গোপন চেম্বাৰ দুটা।

    গাড়ীখনত থকা তিনিজন লোকক লগে লগে গ্ৰেপ্তাৰ কৰে CIDয়ে। পিছত তিনিওৰে স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই লখৰাৰ লাল গুদামত জব্দ হয় আন্য ৬০ কাৰ্টন নিষিদ্ধ কফ চিৰাপ। গুদামটোৰ পৰাও গ্ৰেপ্তাৰ কৰে মেনেজাৰ আৰু গাণণিকক।

    নগাঁওতো এই চক্ৰটোৱে মজুদ ৰাখিছিল নিষিদ্ধ কফ চিৰাপ। পিছত তালাচী চলাই নগাঁৱৰ পৰাও CIDয়ে জব্দ কৰে ৫৫০ টা কফ চিৰাপৰ বটল। এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত ৫ জন লোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে জব্দ হৈছে ১০ হাজাৰ ৫০০টা নিষিদ্ধ কফ চিৰাপ। এই কফ চিৰাপ খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা।

    এই কফ চিৰাপখিনি অনা হৈছে JP ফাৰ্মা কোম্পানীৰ পৰা। জে পি ফাৰ্মা কোম্পানীৰ স্বত্তাধীকাৰি প্ৰদীপ তালুকদাৰ বৰ্তমানে পলাটক অৱস্থাত। এই সম্পূ্ণ ঘটনাটোৰ বাবে এতিয়া কোম্পানীটোৰ অনুজ্ঞাপত্ৰ বাতিলৰ বাবে CIDয়ে আবেদন কৰিব চৰকাৰক।

    Photo Credit: @smitaranideka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং