কৰ’ণাই সকলোফালেই কৰি তুলিছে ভয়াবহ পৰিস্থিতি। আক্ৰান্ত হৈছে বহু লোক। আৰু সেই লোকসলৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু টকাৰ। যাৰ বাবে ৰাইজৰ পৰা সহায়ৰ হাত বিচাৰিছে ৰাজ্য চৰকাৰে।
সাধ্যনুসাৰে বহু লোকেই কৰিছে সহায়। এইবাৰ ৩০ লাখ টকাৰ সহায় লৈ আগবাঢ়ি আহিছে হাজোৰ বনমালী শৰ্মা। দেশৰ সকলো পৰিস্থিতিৰ সময়তে সহায়ৰ বাবে আগবাঢ়ি আহে শৰ্মাই। জনতাৰ দুৰ্যোগৰ সময়ত অস্থিৰ হৈ পৰে মানুহ জন। দেশ ৰাজ্যৰ সংকটৰ সময়ত মহানুভৱতা দেখুৱাই আহিছে মানুহ জনে।

শূন্যৰ পৰা কঠোৰ পৰিশ্ৰম কৰি কোটিপতি হোৱা মানুহ জনৰ মহানুভৱতা। জনতাৰ দুৰ্যোগৰ সময়ত হাজোৰ এইজন বনমালি শৰ্মাই অসম চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়াইছে ৩০ লাখ টকাৰ আৰ্থিক অনুদান। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত চেক প্ৰদান কৰে বনমালি শৰ্মাই।
উল্লেখ্য যে, বিগত বছৰত হাজোৰ ভয়াবহ বানপানীৰ সময়ত তেওঁ নিজৰ টকাৰে মথাউৰি নিৰ্মাণ কৰি হাজোৰ জনতাক ৰক্ষা কৰিছিল।
Photo Credit: @mridulpritomdeka