29 C
Guwahati
Tuesday, August 9, 2022
More

    নিষিদ্ধ হ’ল টিক টক, ফেচবুক আৰু হোৱাটছএপ! কিন্তু ক’ত?

    এতিয়াৰ পৰাই যদি নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই নিয়ম উলংঘা কৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই

    নিষিদ্ধ হ’ল টিক টকৰ লগতে ফেচবুক। এতিয়াৰে পৰা টিক টক ভিডিঅ’ৰ লগতে আপত্তিজনক ফটো ফেচবুকত আপলোড কৰিলেই শাস্তিৰ সন্মুখীন হ’ব লাগিব ছাত্ৰ-ছাত্ৰী।

    ১৯৬৪ চনতে স্থাপিত হোৱা নাহৰকটীয়াৰ অন্যতম আগৰণুৱা শিক্ষা প্ৰতিষ্ঠান নাহৰকটীয়া মহাবিদ্যালয়ৰ চৌহদত এতিয়াৰ পৰা কলেজীয়া পোছাক পৰিধান কৰি উঠিব নোৱাৰিব কোনোধৰণৰ আপত্তিজনক ফটো লগতে কলেজীয়া পোছাক পিন্ধি কৰিব নোৱাৰিব কোনোধৰণৰ টিক টক ভিডিঅ’।

    বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত ফেচবুক, হোৱাটছএপ আৰু টিক টকৰ জৰিয়তে বহুতো অসামাজিক কাম কাজত লিপ্ত হৈছে একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰী। যাৰ পৰিণতিত উচ্ছৃংখলতা সূষ্টি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিজৰ গৰিমা হেৰুৱাবলগীয়া হৈছে ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে।

    ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই জাৰি কৰিলে এই বিশেষ জাননী। এতিয়াৰ পৰাই যদি নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই নিয়ম উলংঘা কৰি ছচিয়েল মিডিয়াত কলেজীয়া পোছাকত ফটো বা ভিডিঅ’ আপলোড কৰা দৃষ্টিগোচৰ হয় তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। আনহাতে ছাত্ৰ একতা সভাৰ এই সিদ্ধান্তক এতিয়া আদৰি লৈছে কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আছুৱে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং