26 C
Guwahati
Friday, May 26, 2023
More

    অখিল গগৈসহ ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ জামিন মঞ্জুৰ

    আজি এই গোচৰত জামিন লাভ কৰে যদিও তেওঁলোক মুকলি আকাশৰ তলতলৈ ওলাই অহাৰ পথ আজিয়ে প্ৰশস্ত হোৱা নাই

    কৃষক নেতা অখিল গগৈসহ ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ জামিন মঞ্জুৰ। পানবজাৰ থানাত ৰুজু হোৱা ০০০১/২০২০ ক্ৰাইম বাঞ্চৰ গোচৰত জামিন মঞ্জুৰ কৰে আটাইকেইজনৰ। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতে আটাইকেইজনৰ জামিন মঞ্জুৰ কৰে।

    CAA বিৰোধী আন্দোলনত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত ১৫ ফেব্ৰুৱাৰীত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পানবজাৰ থানাৰ ক্ৰাইম বাঞ্চে গ্ৰেপ্তাৰ কৰি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাইছিল আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । আটাইকেইজনৰ হৈ আজি ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা শান্তনু বৰঠাকুৰ আৰু পল্লৱী বৰাই। আজি এই গোচৰত জামিন লাভ কৰে যদিও তেওঁলোক মুকলি আকাশৰ তলতলৈ ওলাই অহাৰ পথ আজিয়ে প্ৰশস্ত হোৱা নাই।

    উল্লেখ্য যে বিগত বৰ্ষৰ ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ মাজত যোৰহাটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগৈক। ১৩ ডিচেম্বৰত তেওঁৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল। ১৪ ডিচেম্বৰত চৰকাৰে NIAক হস্তান্তৰ কৰিছিল। ২৫ ডিচেম্বৰত গুৱাহাটীলৈ অনা হৈছিল কৃষক নেতাগৰাকীক।

    ইফালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে গ্ৰেপ্তাৰ কৰা হৈছিল ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক।প্ৰতিবাদৰ সময়ত দুয়োজনে উচতনিমূলক মন্তব্য প্ৰদান কৰিছিল।নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত চলোৱা প্ৰতিবাদত গ্ৰেপ্তাৰ হৈছিল মানস কোঁৱৰ।

    Photo: Google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং