মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। এখন মালবাহী ৰে’লে ১৬জন প্ৰৱাসী শ্ৰমিকক মহতিয়াই নিয়ে। ঔৰংগাবাদৰ জালনা ৰে’লৱে লাইনৰ সমীপত সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাটোত ১৬জন প্ৰাণ হেৰুৱাৰ লগতে কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হয়। শুকুৰবাৰে পুৱা প্ৰায় ৬.৩০ বজাত সংঘটিত হয় এই কৰুণ ঘটনাটো। ৰে’ল মন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ প্ৰদান কৰে।
মৃত আটাইকেইজন শ্ৰমিক খোজকাঢ়ি নিজৰ ঘৰলৈ গৈ আছিল আৰু সেই সময়তে এই ঘটনাটো সংঘটিত হয়। ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত স্থানীয় প্ৰশাসন আৰু ৰে’লৱে বিষয়া।
এই আটাইকেইজন শ্ৰমিক মধ্যপ্ৰদেশৰ বাসিন্দা আছিল, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মৃত শ্ৰমিকৰ পৰিয়াললৈ ৫ লাখকৈ ক্ষতিপূৰণৰ ঘোষণা কৰে। তেওঁ ৰে’ল মন্ত্ৰীৰ সৈতে কথা পাতি আহতসকলক সহায় কৰাৰ আহ্বান জনায়।
ঘটনা সন্দৰ্ভত ভাৰতীয় ৰে’লৱেৰ মন্তব্য এই যে, ঔৰংগাবাদৰ পৰা কেইবাজনো শ্ৰমিক খোজকাঢ়ি আহি আছিল, কেইবা কিলোমিটাৰ খোজকঢ়াৰ পিছত শ্ৰমিককেইজনৰ ভাগৰি পৰাত ৰে’ল লাইনতে আৰাম কৰিবলৈ ৰৈ যায় আৰু সেই সময়তে মালবাহী গাড়ী আহে আৰু গাড়ীখনে শ্ৰমিককেইজনক মহটিয়াই নিয়ে।
প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঔৰংগাবাদত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাক লৈ দুখঃপ্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত লিখিলে যে ঔৰংগাবাদত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাত যিসকলে প্ৰাণ হেৰুৱালে, তাৰ বাবে মই দুঃখিত। প্ৰধানমন্ত্ৰী মোদীয়ে এই দুৰ্ঘটনাটোৰ বিষয়ে ৰে’ল মন্ত্ৰী পিযুষ গোয়েলৰ সৈতে কথা পাতে।
Photo Credit: www.abplive.com