25 C
Guwahati
Monday, October 25, 2021
More

    কমেও ২দিন ধৰি বন্ধ হৈ থাকিব ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ, পথ মুকলোৱাৰ বাবে চেষ্টা প্ৰশাসনৰ

    শিল ব্লাষ্টিঙৰ সহায়েৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা মুকলিৰ অপ্ৰান চেষ্টা চলাইছে GREF (GRIP) বাহিনীয়ে

    আমিনগাঁৱৰ জয়গুৰুত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ানক ভূমিস্খলনৰ ঘটনা। যাৰ বাবে কালিৰে পৰা বন্ধ কৰি দিয়া হৈছে পথছোৱা।

    আৰু কমেও ২দিন ধৰি বন্ধ থাকিব ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ। পথ মুকলি নহোৱা পৰ্যন্ত বন্ধ থাকিব আমিনগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ।

    ঘটনাস্থলী পৰ্য্যবেক্ষন কামৰূপ জিলা উপায়ুক্তৰ। ভূমিস্খলনৰ তলত বাহন সোমাই থকাৰ আশংকা ৰাইজৰ।

    শিল ব্লাষ্টিঙৰ সহায়েৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা মুকলিৰ অপ্ৰান চেষ্টা চলাইছে GREF (GRIP) বাহিনীয়ে।

    পাহাৰৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড শিল বাগৰি অহাত এইদৰে বন্ধ হৈ পৰে পথ।

    প্ৰকাণ্ড শিল সমূহ আঁতৰ কৰোৱাতো সহয় নহয় সেয়ে শিল বোৰ ভাঙি হে তাৰ পৰা আতৰ কৰাৰ বাবে চেষ্টা চলাই আছে প্ৰশাসনে।

    Photo Credit: @nitopammedhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং