১৯৪৫ চনত আজিৰ দিনটোত অৰ্থাৎ ১৬ জুলাইত প্ৰথম বাৰৰ বাবে পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ কৰা হৈছিল।
এই বোমা তৈয়াৰ কৰাৰ বাবে আমেৰিকাই ১৯৩৯ চনৰ পৰাই চেষ্টা চলাই আছিল ।
আমেৰিকাৰ এই প্ৰজেক্টটোক মেনহেটন প্ৰজেক্ট বুলি কোৱা হয়।
কোৱা হয় যে আমেৰিকাত দুই ধৰণৰ পাৰমাণৱিক বোমা বনোৱা হৈছিল। যাৰ নাম লিটিল বয় (little boy) আৰু ফেট মেন (fat man) আছিল।
পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণৰ পিছত ১৯৪৫ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৬ আৰু ৯ আগষ্টত জাপানৰ দুখন চহৰ হিৰোচিমা আৰু নগাচাকিত এই বোমা নিক্ষেপ কৰা হৈছিল ।
তাৰ পিছতেই জাপানে যুদ্ধ বিৰতিৰ ঘোষণা কৰছিল।
কোৱা হয় যে ১৯৩৯ চনত তৎকালীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্টক বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনে এখন পত্ৰ লিখিছিল ।
য’ত পাৰমাণৱিক বোমাৰ শক্তিৰ কথা উল্লেখ আছিল ।
লগতে কৈছিল যে পাৰমাণৱিক বোমা বিশ্বৰ সকলোতকৈ ভয়ানক অস্ত্ৰ হ’ব আৰু এই অস্ত্ৰ বনোৱাৰ ক্ষমতা আমেৰিকাৰ আছে ।
১৬ জুলাইৰ পুৱা নিউ মেস্কিক’ৰ মৰুভূমিত এই বোমাৰ পৰীক্ষণ কৰা হৈছিল।
photo credit : zee news