29 C
Guwahati
Saturday, October 23, 2021
More

    আটাছুৰ জোঁৰ সমদলৰে উত্তাল সোণাৰি

    সমদলত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোঁহাইৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়াৰ উপৰিও শতাধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে

    আহোমকে ধৰি ৬ জনগোষ্ঠীৰ জাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোণাৰিত শনিবাৰে আটাছুৰ জোঁৰ সমদল। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি ৰাজহুৱা খেলপথাৰৰপৰা সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপলৈকে বাহিৰ কৰা হৈছিল এই সমদল।

    সমদলত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোঁহাইৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়াৰ উপৰিও শতাধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গান দি সোণাৰি নগৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং