31 C
Guwahati
Wednesday, September 28, 2022
More

    গুজৰাটৰ অম্বাজীৰ ত্ৰিশূলীয়া ঘাটত বাছ দুৰ্ঘটনা, থিতাতে নিহত ২০ গৰাকী লোক

    চালকৰ টোপনি ধৰাৰ বাবেও এই ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে

    গুজৰাটৰ ত্ৰিশূলীয়া ঘাটত এখন ব্যক্তিগত বাছ লুটি খাই ২০ গৰাকী লোকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোৰ ফলত ৩০ গৰাকী লোক আহত। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা। বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা। অম্বাটী ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন।

    স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। চালকৰ টোপনি ধৰাৰ বাবেও এই ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনাৰ সময়ত বৰষুণ হৈ আছিল। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আৱদ্ধ হৈ থকা লোকসকলক উলিয়াবলৈ ক্ৰেন ব্যৱহাৰ কৰা হৈছে।

    photo credit: deshgujarat.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং