17 C
Guwahati
Saturday, November 27, 2021
More

    বকোৰ সমীপত ভয়াবহ বাছ দুৰ্ঘটনা, ১৪ জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত

    ত্ৰিপুৰাৰ আগৰতলাৰ পৰা ধুবুৰী অভিমুখী আহিছিল বাছখন

    বকোৰ সমীপত ১৭ ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুগুৰীত ভয়াবহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত তীব্ৰ খুন্দা এখন বাছৰ। তাৰ পিছতে এখন ই-ৰিক্সাত খুন্দা বাছখনৰ।

    যাৰ ফলত বাছখনত থকা ১৪ জনকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। ইয়াৰে ৫জনৰ অৱস্থাত অতি সংকটজনক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্তক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা ধুবুৰী অভিমুখে আহিছিল বাছখন।

    লকডাউনৰ ফলত ত্ৰিপুৰাত আৱদ্ধ হৈ পৰা ১৪জন লোকক কঢ়িয়াই আনিছিল বাছখনে। আনহাতে বাছ যাত্ৰীৰ লগতে ই-ৰিক্সাৰ চালকজনো আঘাতপ্ৰাপ্ত। দূৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ TR 01 C-1257। ই-ৰিক্সাখনৰ নম্বৰ AS 25 ER 2835 ।

    ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে বকো আৰক্ষী। আৰক্ষীৰ সহযোগত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা লোক কেইজন ৰাজিবুল, লালচান, জাকাৰিয়া, দিলীপ দাস আৰু পিন্তু দেৱনাথ বুলি জানিব পৰা গৈছে।

    Photo Credit: @manimala-deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং